ৰাসৰ আনন্দৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ

ৰাসৰ নিশা অঘটন ৷ নগাঁও জিলাৰ ৰাইদঙীয়াত মঙলবাৰে পুৱাতে উদ্ধাৰ যুবকৰ মৃতদেহ ৷

author-image
Asomiya Pratidin
New Update
ৰাসৰ আনন্দৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল সংবাদ,নগাঁও : ৰাসৰ নিশা অঘটন ৷ নগাঁও জিলাৰ ৰাইদঙীয়াত মঙলবাৰে পুৱাতে উদ্ধাৰ যুবকৰ মৃতদেহ ৷ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি ৰাইদঙীয়াত ৷

Advertisment

ৰাইদঙীয়া আইভেটিৰ পথৰ কাষত পুৱাতে গাঁৱৰ লোকে প্ৰত্যক্ষ কৰে যুবক জনৰ মৃতদেহটি ৷ মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে এখন মটৰ চাইকেল ৷ মটৰ চাইকেলখনৰ নম্বৰ হৈছে এ এছ ০২ টি ১৫৬৮ ৷

সন্দেহ কৰা মতে ৰাসৰ আনন্দ উৎসাহত ভাগ ল'বলৈ অহা যুবকজন দুৰ্ঘাটনাত পতিত হৈ মৃত্যু হয় ৷ দূৰ্ঘটনা পতিত হোৱাৰ পিছত যুৱকজন নিশাটো পৰি থকাত অধিক ৰক্তক্ষয়ন হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷

নিহত হোৱা যুবকজনৰ নাম হৈছে হীৰক জ্যোতি বৰা ৷ ঘৰ ৰাইদঙীয়াৰে বড়িৰ ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

assam nagaon