/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/bike.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ গৰৈমাৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উদ্ধাৰ হোৱা মৃতদেহটো দীঘলিআটি বৰপামৰ বাহাৰুল ইছলামৰ বুলি চিনাক্ত কৰা হৈছে ৷
বৃহস্পতিবাৰে বিয়লি বাহাৰুলে এ এছ ০২ ইউ ১৯৭২ নম্বৰৰ মটৰ চাইকেলখনলৈ দীঘলীআাটিৰ ঘৰৰ পৰা ওলাই আহিছিল ৷ নিশা যুৱকজন ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰে যদিও কোনো সন্ধান নাপালে ৷
শুকুৰবাৰে পুৱা নগাঁও চহৰৰ কাষৰীয়া অঞ্চল গৰৈমাৰীত নিৰ্মিয়মান পথৰ দাঁতিৰ গাতত যুবকজনৰ মৃতদেহটো উদ্ধাৰ হয় ৷ লগতে পথৰ কাষত মটৰ চাইকেল , মবাইলফোন , এটি পানী বটল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷
মৃতদেহৰ বাতৰি ওলোৱা বাতৰি প্ৰচাৰ হোৱাত গৰৈমাৰীত লোকে লোকাৰন্য হৈ পৰে ৷ বাহাৰুল ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে যদিও যুবকজন কেনেকৈ মৃত্যু হল সেই কথা আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷
আৰু পঢ়ক: INS Vikrant: প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে সৰ্বশক্তি মান যুদ্ধ জাহাজ…