নিৰুদ্দেশ হৈ থকা যুৱকৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ...

সোমবাৰ পুৱাৰ ভাগত চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত শালঝোৰা কুজীয়া নৈত পাৰত ডিঙি কটা অবস্থাত এটা মৃতদেহ উদ্ধাৰ হয়

author-image
Asomiya Pratidin
New Update
নিৰুদ্দেশ হৈ থকা যুৱকৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, চিৰাং: সোমবাৰ পুৱাৰ ভাগত চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত শালঝোৰা কুজীয়া নৈত পাৰত ডিঙি কটা অবস্থাত এটা মৃতদেহ উদ্ধাৰ হয় । স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

Advertisment

পিছত মৃতদেহটো কাজলগাঁও থানাৰ অন্তৰ্গত শালঝোৰা গাঁৱৰ তাৰা মিঞাৰ বিবাহিত পুত্ৰ জাবেদ আলী (৪০) বুলি জানিব পৰা যায়। মৃতদেহত তথা ডিঙিত আঘাতৰ চিন দেখি পৰিয়ালৰ লোকৰ সন্দেহ জাবেদ আলীক কোনোবাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে ।

জাবেদ আলীৰ পিতৃয়ে জানিবলৈ দিয়া মতে বিবাহিত তথা তিনি সন্তানৰ পিতৃ জবেদ আলী দেওবাৰ সন্ধিয়া সাত বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল । পৰিয়ালৰ লোকে বিচাৰি আছিল যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু আজি দুৰ্ভাগ্যজনক ভাৱে জাবেদ আলীৰ মৃতদেহ উদ্ধাৰ হয় ।

মৃতদেহ উদ্ধাৰ হোৱা স্থলীত ঢালিগাঁও থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Also Read: খেলি-মেলি! ২০২৪'ত কংগ্ৰেছ, বিজেপি নে অন্য কিবা...

Assam police