/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e611158c-3715-4ea8-a538-ad02bee31948/download.jpg)
ডিজিটেল ডেস্ক: বকোৰ ডাকুৱাপাৰাত অচেতন অৱস্থাত উদ্ধাৰ এজন যুৱক। বৃহস্পতিবাৰে পথৰ দাঁতিত উদ্ধাৰ হোৱা যুৱকজনক মৃত ঘোষণা চিকিৎসকৰ ।
মৃত যুৱকজনৰ নাম জুবিন দাস বুলি জানিব পৰা গৈছে। মৃত যুৱকজনৰ ঘৰ বকোৰ পাখাৰাপাৰাত।
যুৱকজনৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। সম্প্রতি যুৱকজনক ৰখা হৈছে বকো থানাত। শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হ’ব জি এম চি এইচ লৈ।