/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ff6f19c2-795f-4166-8224-54cbe55492cf/bokakhat.jpg)
-
বোকাখাতৰ এলেংমাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ।
-
শুকুৰবাৰে উদ্ধাৰ হয় মৃতদেহটো।
-
মৃত যুৱকজন কুৰুৱাবাহী ৰঙাগৰীয়া গাঁও নিৱাসী অনিল দাস আৰু হিৰণ্য দাসৰ জেষ্ঠ পুত্ৰ অনুপম দাস বুলি জানিব পৰা গৈছে।
-
ধনশিৰি নদীৰ কাষৰ ঝাও গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
-
বিগত বুধবাৰৰ দিনৰ ভাগৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
-
গাঁওবাসীয়ে জানিবলৈ দিয়া মতে কিছুদিনৰ পৰা মানসিক ভাৰসাম্যহীন হৈ আছিল যুৱকজন।
-
যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কুৰুৱাবাহীত।