/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/88f0af02-dd22-43e6-a9c7-c28d642e3493/DIPA.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিপাত দেওবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃতদেহটো চিমেন চাপৰি অঞ্চলৰ ৰংপুৰীয়া গাওঁৰ প্ৰয়াত মনেশ্বৰ বৰাৰ পুত্ৰ সুৰেশ বৰাৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দেওবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। ঘটনাৰ সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়।
দুটি সন্তানৰ পিতৃ সুৰেশ বৰাৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথটোৰ উক্ত স্থানত কিদৰে উদ্ধাৰ হ'ল সেইয় বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি অনুসন্ধান আৰম্ভ কৰিছে।