ডিবি ষ্টক কেলেংকাৰী : জমা থোৱা ধন বিচাৰি থানাত বিনিয়োগকাৰী

ডিবি ষ্টক কেলেংকাৰী : জমা থোৱা ধন বিচাৰি থানাত বিনিয়োগকাৰী

author-image
Asomiya Pratidin
New Update
ডিবি ষ্টক কেলেংকাৰী : জমা থোৱা ধন বিচাৰি থানাত বিনিয়োগকাৰী

ডিজিটেল সংবাদ, ৰঙিয়া : ৰাজ‍্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ডিবি ষ্টক কনচালটেঞ্চীৰ কেলেংকাৰীক লৈ এতিয়া চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো জমা থোৱা ধনক লৈ এতিয়া চকুপানী ওলাইছে বিনিয়োগকাৰীৰ ।

Advertisment

উল্লেখযোগ্য যে বাকী প্ৰান্তৰ উপৰি ৰঙিয়াতেই এহেজাৰৰো অধিক বিনিয়োগকাৰী আছে বুলি জানিব পৰা গৈছে । ৰঙিয়াত বিনিয়োগ হোৱা ধনৰ পৰিমাণ হৈছে এশ কোটি।

আনহাতে জমা ধন বিচাৰি উৱাদিহ নোপোৱা বিনিয়োগকাৰীৰ একাংশই শুকুৰবাৰে ৰঙিয়া থানাত ভিৰ কৰা পৰিলক্ষিত হয়। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে বিনিয়োগকাৰীসকলৰ এজাহাৰ অনুসৰি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: জনজাতিকৰণ নোহোৱা পৰ্যন্ত জিলাই জিলাই আন্দোলন গঢ়াৰ হুংকাৰ : প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক সমালোচনা

DB stock scam rangia