আজিৰে পৰা পাঠশালাত প্ৰথম বাৰৰ বাবে দিবা নৈশ ফুটবল প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা পাঠশালাত প্ৰথম বাৰৰ বাবে দিবা নৈশ ফুটবল প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, বজালী : আজিৰে পৰা পাঠশালাত প্ৰথম বাৰৰ বাবে দিবা নৈশ ফুটবল প্ৰতিযোগিতা । ১ নবেম্বৰৰ সন্ধিয়া ৫ বজাত ভট্টদেৱ বিশ্ববিদ্যালয় খেল পথাৰত প্ৰয়াত সদানন্দ চৌধুৰী সোঁৱৰণী দিবা নৈশ ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হ'ব ।

Advertisment

উক্ত খেল খন সৰ্বভাৰতীয় ফুটবল ফেডাৰচনৰ অধীনত চলিব লগা খেলত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ ফুটবল দলৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ ফুটবল দলে অংশগ্ৰহন কৰিব।

ইতিমধ্যে উদ্যোক্তা সমিতিয়ে প্ৰতিযোগিতাখনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । উদ্যোক্তা সমিতিয়ে সহশ্ৰাধিক দৰ্শকৰ বাবে আটক ধুনীয়াকৈ সম্পূৰ্ণ নিৰাপদ ভাৱে গেলাৰী সজাই সু সজ্জিত কৰি সকলো ক্ৰীড়াপ্ৰেমীক নিমন্ত্ৰণ জনাইছে।

assam pathsala