দৰঙত বিশ্ব চিজোফ্ৰেনিয়া দিৱস পালন...

দৰঙত বিশ্ব চিজোফ্ৰেনিয়া দিৱস পালন...

ডিজিটেল সংবাদ,দৰংঃ শুকুৰবাৰে দৰঙত বিশ্ব চিজোফ্ৰেনিয়া দিৱস পালন কৰা হয়।জিলা মানসিক স্বাস্থ্য অভিযান,জিলা স্বাস্থ্য সমিতি দৰঙৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ,মানসিক ৰোগ বিভাগ আৰু দৰঙৰ হিৰাপাৰাস্থিত ধুলা ৰিজিঅনেল ফিজিকেলি হেনডিকেপ ডেভেলপমেন্ট এচোছিয়েছনৰ সহযোগত বিশ্ব চিজোফ্ৰেনিয়া দিৱস পালন কৰা হয়।

আজিৰ লগত সংগতি ৰাখি এখনি চিজোফ্ৰেনিয়া ৰোগৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয়।ৰেকৰ্ড কিপাৰ চাহিদ আলিয়ে আঁতধৰা সভাত হিৰাপাৰা অঞ্চলৰ গাঁওবুঢ়া, অংগনৱাদী কৰ্মী,আশাকৰ্মী,শিক্ষককে ধৰি প্ৰায় এশৰো অধিক লোকে অংশগ্ৰহণ কৰে। সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়োৱাৰ পিছতে চিকিৎসক ডাঃ তৃষ্ণা দাসে ভাষন আগবঢ়া।

তেওঁ কয় যে চিজোফ্ৰেনিয়া ৰোগীসকলক পগলা বুলি অনাদৰ-অৱহেলা নকৰি পৰিয়াল আৰু সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে তেওঁলোকৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিব লাগিব। তেওঁলোকৰ প্ৰাপ্য চিকিৎসা পাবই লাগিব বুলি বৰ্তমান ভাৰত চৰকাৰেও Mental Health Care Act 2017 ৰ যোগেদি অধিসূচনা জাৰি কৰিছে।

জিলা সমূহত মানসিক স্বাস্থ্য আচনিৰ যোগেদি মানসিক ৰোগীৰ চিকিৎসা আগবঢ়াই থকা হৈছে। জিলা অসামৰিক চিকিৎসালয় সমূহত মনোচিকিৎসকৰ (Psychiatrist) লগতে মনোবিদ (Clinical Psychologist) ,মনোসামাজিক কৰ্মী (Psychiatric Social Worker) আদিৰ নিযুক্তি দিয়া হৈছে।

ইয়াৰ পিছতে মানসিক বিভাগ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নৈদানিক মনোবিজ্ঞানী পুষ্প কলিতা,মনোসমাজ কৰ্মী প্ৰাঞ্জল ঠাকুৰীয়াই চিজোফ্ৰেনিয়া ৰোগ সম্পৰ্কে আলোচনা কৰে। শেষত সহযোগী বেচৰকাৰী সংস্থা ডিআৰপিএইচডিএৰ আঁচনি প্ৰৱন্ধক আব্দুল হামিদে নিজৰ সংস্থাত থকা কিছু ৰোগীৰ উদাহৰণ দি ভাষণ প্ৰদান কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। শেষত মানসিক বিভাগৰ দলটোৱে কালি মঙলদৈ চহৰত ইউনিটী উই দা ব্লাড ডোনাৰছে উদ্ধাৰ কৰা দুজন চিজোফ্ৰেনীয়া ৰোগীক চিকিৎসা প্ৰদান কৰে ।

দৰঙত বিশ্ব চিজোফ্ৰেনিয়া দিৱস পালন...
ধলাইবিলত বিধ্বংসী বনজুই : কথমপি ৰক্ষা পৰিল কেইবাখনো গাঁও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in