/asomiyapratidin/media/media_files/2025/03/27/tONC8LwhmkJ2Hfcvps69.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ জ্ঞান বিজ্ঞান সমিতি অসমৰ ২১ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখন বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। জ্ঞান বিজ্ঞান সমিতি দৰং জিলাৰ উদ্যোগত আৰু মঙলদৈ মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত উক্ত সমাৰোহৰ আজি পুৱা ৮ বজাত জ্ঞান বিজ্ঞান সমিতি অসমৰ পতাকা উত্তোলনৰে আৰম্ভ হয়।
পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি তপন কুমাৰ শৰ্মাই। ৮-১০ বজাত মঙলদৈ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰাই, ৮-২০ বজাত সমাৰোহৰ পতাকা উত্তোলন কৰে দৰং জিলা সমিতিৰ সভাপতি ড০ কুমুদ চন্দ্ৰ শৰ্মাই।
৮-৩০ বজাত স্মৃতি তৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি পূণ্য শৰ্মাই আৰু জ্ঞান বিজ্ঞান সমিতিৰ সচিব প্ৰভাত চন্দ্ৰ চহৰীয়াই। ৯ বজাৰ পৰা শিশু প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰা হয়।
উল্লেখ্য যে ৰাজ্যৰ দৰং, ওদালগুৰি, কামৰূপ, বঙাইগাঁও, শিৱসাগৰ, বজালী, চৰাইদেউ আদি কেইবাখনো জিলাৰ প্ৰায় ২৫০ গৰাকী শিশুৱে অংশগ্রহণ কৰা সমাৰোহখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাই। বিজ্ঞান প্ৰদৰ্শনী উদ্বোধন কৰে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুদ্ধিন চন্দ্ৰ হাজৰিকাই।
সমাৰোহ স্হলীত আয়োজন কৰা গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। শিশুসকলৰ মাজত দল গঠন কৰি শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সৃষ্টিশীলতা, কল্পনা শক্তিৰ বিকাশ সাধন কৰাৰ লগতে শৈক্ষিক দিশ আনন্দদায়ক কৰা, পৰিৱেশ সম্পর্কে সজাগ কৰা, ভ্রাতৃত্ববোধ বঢ়োৱা, ব্যতিক্রমী আৰু অভিনৱ পদ্ধতিৰে শিশুসকলে সাতটা বিষয়ত আনন্দৰ মাজেৰে শিক্ষা গ্রহণ কৰে।
লগতে সমান্তৰাল কাৰ্যসূচীৰূপে আছে আলোচনাচক্র, প্রদর্শনী, গ্রন্থ বিপণী, ভ্রাম্যমাণ বিজ্ঞান প্রদর্শনী, শিকণ কোণসমূহত পাৰদৰ্শী শিক্ষকৰ দ্বাৰা বিজ্ঞানৰ বিভিন্ন জ্ঞান শিকাৰ আনন্দ উৎসৱৰ মাজেৰে প্ৰদান কৰে। এনেদৰেই দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ শেষত বিয়লি ৪-৩০ বজাত গৃহস্থ আৰু অতিথি শিশুসকলৰ মাজত মিলন পৰ্বৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us