হাস্পতালত চিকিৎসাধীন পুত্ৰৰ খবৰ ল'বলৈ যাওঁতেই চোৰে লুটিলে ঘৰ...

চোৰ-ডকাইতৰ ঘাটি হৈ পৰিছে মঙলদৈ চহৰ। প্ৰায় দৈনিক চহৰখনত সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ চুৰি কাণ্ড।এইবাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ডিম্বেশ্বৰ দাসৰ গৃহত চোৰে চলালে লুটপাত।

author-image
Tushar Pratim
New Update
হাস্পতালত চিকিৎসাধীন পুত্ৰৰ খবৰ ল'বলৈ যাওঁতেই চোৰে লুটিলে ঘৰ...

ডিজিটেল সংবাদ, মঙলদৈঃ চোৰ-ডকাইতৰ ঘাটি হৈ পৰিছে মঙলদৈ চহৰ। প্ৰায় দৈনিক চহৰখনত সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ চুৰি কাণ্ড।

Advertisment

এইবাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ মঙলদৈ গেৰিমাৰীৰ ডিম্বেশ্বৰ দাসৰ গৃহত চোৰে চলালে লুটপাত। জানিব পৰা মতে বৃহস্পতিবাৰে ডিম্বেশ্বৰ দাস নামৰ লোকজনৰ বাসগৃহত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোলে দৰ্জাৰ তলা ভাঙি প্ৰৱেশ কৰে।

তাৰ পিছতেই ঘৰৰ ভিতৰৰ সকলো লণ্ডভণ্ড কৰি আ-অলংকাৰ তথা নগদ ধন লৈ উধাও হয়। অৱশ্যে বাতৰি লিখাৰ সময়লৈকে চোৰে কিমান ধন অথবা অলংকাৰ চোৰ কৰিলে সেই বিষয়ে সঠিক তথ্য হাতত পৰা নাই। কিন্তু এই ক্ষতি যে যথেষ্ট পৰিমাণৰ সেয়া স্পষ্ট কৰিছে আত্মীয়ই। 

স্মৰ্তব্য, ডিম্বেশ্বৰ দাস নামৰ এই লোকজনৰ এজন পুত্ৰ থাকে বাৰণাসীত। সেই পু্ত্ৰ শেহতীয়াকৈ দুৰ্ঘটনাত পতিত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল। সেয়ে ডিম্বেশ্বৰ দাসৰ সৈতে পৰিয়ালৰ লোকসকল তেওঁৰ কাষলৈ গৈছিল।

তাৰেই সুযোগ গ্ৰহণ কৰি চোৰে ঘৰখনত চলালে সম্পূৰ্ণ লুটপাত। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে অভিযোগ কৰিছে মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই চহৰখনত দৈনিক চুৰিকাণ্ড সংঘটিত হৈছে।

বিগত সপ্তাহটোত অকল গেৰিমাৰী অঞ্চলতেই চাৰিদিনত চাৰিখন ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল। ইয়াৰোপৰি মঙলদৈ চহৰৰ লগতে চহৰখনৰ সমীপতে থকা বিভিন্ন অঞ্চলত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ অহাৰ খবৰ দৈনিক প্ৰকাশ পাইছে। 

তাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ বিশেষ তহলদাৰীৰ ব্যৱস্থা নকৰাত আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চোৰৰ এনে সন্ত্ৰাসত এতিয়া একপ্ৰকাৰে  নিৰাপত্তাহীনতাত ভূগিছে সৰ্ব সাধাৰণ ৰাইজ।

মঙলদৈ চোৰ