বেচৰকাৰী অনুষ্ঠান গ্ৰীন হাৰভেষ্টৰ কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ...

বেচৰকাৰী অনুষ্ঠান গ্ৰীন হাৰভেষ্টে শ শ বিঘা ভূমিত খেতি কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । দৰঙৰ বুঢ়ীনগৰ পঞ্চায়তৰ অন্তৰ্গত পোটাপুখুৰী গাওঁৰ বৃহৎ অঞ্চলৰ কৃষিভূমিত খেতি কৰি নিদৰ্শন দাঙি ধৰিছে গ্ৰীন হাৰভেষ্টে।

author-image
Asomiya Pratidin
New Update
বেচৰকাৰী অনুষ্ঠান গ্ৰীন হাৰভেষ্টৰ কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ...

ডিজিটেল সংবাদ,‌ মঙলদৈঃ বেচৰকাৰী অনুষ্ঠান গ্ৰীন হাৰভেষ্টে শ শ বিঘা ভূমিত খেতি কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । দৰঙৰ বুঢ়ীনগৰ পঞ্চায়তৰ অন্তৰ্গত পোটাপুখুৰী গাওঁৰ বৃহৎ অঞ্চলৰ কৃষিভূমিত খেতি কৰি নিদৰ্শন দাঙি ধৰিছে গ্ৰীন হাৰভেষ্টে।

Advertisment

২০১৯ বৰ্ষত জন্মগ্ৰহণ কৰা স্বেচ্ছাসেৱী সংগঠনটোৰ বৰ্ড অৱ ডাইৰেক্টৰ ক্ৰমে মৃত্যুঞ্জয় ডেকা,পল্লৱী ৰয় আৰু আব্দুল আজাদৰ নেতৃত্ৰত প্ৰায় ১০০ বিঘা মাটিত ৰণজিৎ সাৱন, ৩৩০ বিঘা মাটিত সৰিয়হ, ৪০ বিঘাত চিত্ৰনলা, ৩৫ বিঘাত বগৰী, ২৪ বিঘাত নাৰিকল খেতিৰে বৃহৎ পৰিমানৰ ফচল উৎপাদন কৰিবলৈ সক্ষম হয় । লগতে হস্ততাঁত বয়নশিল্প, বাহঁ উদ্যোগ আদি ভালেমান দিশত কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি আছে ।

অগ্ৰণী সংগঠনটোৱে চৰকাৰী কোনোধৰণৰ সা-সুবিধা নোলোৱাকৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে খেতি কৰিবলৈ আগবাঢ়ি অহাৰ উপৰিও স্থানীয় কৰ্ম সংস্থানহীন দুখীয়া দৰিদ্ৰ পুৰুষ মহিলাৰ জীৱন-জীৱিকাৰ পথ সুগম কৰি তুলিছে । কৰ্মসংস্থানৰ অভাৱত দৌৰি থকা যুৱক-যুৱতী আৰু কৃষকসকল আগবাঢ়ি আহিলে এই সংগঠনটোৱে সম্পূৰ্ণ সহায় সহযোগিতা কৰিব বুলি মত প্ৰকাশ কৰে মৃত্যুঞ্জয় ডেকাই । সকলোৰে বাবে প্ৰেৰণাৰ উৎস গ্ৰীণ হাইভছক সচেতন মহলে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও জনালো অলেখ শুভকামনা।

Also Read: আজি মাতৃ দিৱস...

green harvest