মঙলদৈত এখুদ ককাইদেউ নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস পালন...

মঙলদৈত এখুদ ককাইদেউ নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস পালন...

author-image
Asomiya Pratidin
New Update
মঙলদৈত এখুদ ককাইদেউ নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস পালন...

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যখনৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ,সাহিত্যিক, ঔপন্যাসিক, অসম প্ৰকাশন পৰিষদৰ বঁটা, সাহিত্য অকাডেমি বঁটা, পদ্ম ভূষণ বঁটা,অসম উপত্যকা সাহিত্য বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এখুদ ককাইদেউ নামেৰে পৰিচিত নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসটি দেওবাৰে দৰং জিলা সাহিত্য সভাই ইয়াৰ জিলা কাৰ্যালয়ত পালন কৰে। অনুষ্টুপীয়াকৈ আয়োজন কৰা এক অনুষ্ঠানত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কবি নৱকান্ত বৰুৱাৰ একালৰ প্ৰিয় ছাত্ৰ তথা বৰ্তমান দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।

Advertisment

বন্তি প্রজ্বলন কৰি চমু ভাষণত নাথে এখুদ ককাইদেউৱে পৰিপাতিকৈ পিন্ধা সাজ-পাৰ আৰু কটনৰ সভাগৃহত কৰা কবিতা পাঠৰ ওপৰত সুন্দৰ বৰ্ণনা ডাঙি ধৰে। কটনৰ সভা গৃহত ছাত্ৰ-ছাত্ৰীৰ অনুৰোধত পাঠ কৰা 'মৌ মাখিবোৰ ফুলনিত সোমাব নিদিবা, মৌ মাখি বোৰ ফুলনিত সোমাব নিদিবা, ছগা বোৰ পুৰি মৰিব' শীৰ্ষক কবিতাটিৰ বাখ্যা আগবঢ়ায়।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই আতঁ ধৰা অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ৰাম চন্দ্ৰ ডেকা, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, ধন ভৰালী হৰি চন্দ্ৰ শৰ্মা, ৰাজ্যিক কাৰ্যনিবাহ মুকুট হাজৰিকা, সহকাৰী সম্পাদকদ্বয় কেশৱ চহৰীয়া, প্ৰবীণ বৰুৱা, দৰং জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ সম্পাদক বিজয় ডেকা।

ইয়াৰ লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মৃণাল ৰাজবংশী, বিজয় বৰুৱা, পুতুল শইকীয়া, সাহিত্য সংগঠক ৰাণা আলম, দৰং জিলা সাহিত্য সভাৰ গ্ৰন্থাগাৰিক চৰিফুল ইছলাম, বিশিষ্ট কবি, গীতিকাৰ আব্দুল মালিক, 'আকাশ' উপসমিতিৰ আহ্বায়ক মিৰা হাজৰিকা, ৰামধেনু উপসমিতিৰ আহ্বায়ক বাহাৰুল ইছলাম, জিলা সাহিত্য সভাৰ হিচাব পৰীক্ষকদ্বয় তৰুণ চন্দ্ৰ শৰ্মা, উমাকান্ত নাথ, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষী শৰ্মা, জিলা কাৰ্যালয়ৰ কাৰ্য্যালয় সহায়ক নিবেদিতা কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট সাহিত্যনুৰাগী ব্যক্তিয়ে।

Also Read: মুকলি কৰা হ'ল পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ!

mangoldoi nabakanta baruah