/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5da85b0f-629a-41b2-a31f-61e832521117/8.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ দেওমৰনৈ বাঘৰবাৰী গাঁৱৰ এগৰাকী আদৰ্শ কৃষক, বিশিষ্ট সমাজকৰ্মী, সংগঠক প্ৰয়াত প্ৰফুল্ল কলিতাৰ নিজ বাসগৃহত সোমবাৰে দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ৰাইজৰ উদ্যোগত প্ৰয়াত প্ৰফুল্ল কলিতা ৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে কলাইগাঁও শিক্ষা খণ্ডৰ গাণনিক পাৰ্থজিৎ কুমাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b3a3ae4d-07e6-4e67-900a-47370f29eac9/ece0f8fe-2788-4b87-9f1a-f8de2d2e609b.jpg)
প্ৰয়াত প্ৰফুল্ল কলিতাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত মুখ্য পূস্পাঞ্জলি অৰ্পক হিচাপে কাৰ্যসূচী ৰূপায়ন কৰে অৱসৰপ্ৰাপ্ত শ্ৰম বিষয়া ভূচন্দ্ৰ শৰ্মাই, স্মৃতিচাৰণ সভাখনি উদ্বোধন কৰে দেওমৰনৈ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি হেমচন্দ্ৰ বৰুৱাই। সভাত প্ৰয়াত প্ৰফুল্ল কলিতাৰ স্মৃতিত এখনি স্মৰণিকা প্ৰকাশ কৰি এই শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত বিশিষ্ট সমাজকৰ্মী, আদৰ্শ কৃষক প্ৰয়াত প্ৰফুল্ল কলিতাৰ সোঁৱৰণত শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ হৰ্ষিত উন্মোচন কৰে সৰাবাৰী মৌজাৰ মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই ।
শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত উপস্থিত থাকি প্ৰয়াত প্ৰফুল্ল কলিতাৰ লগত থকা সময়ৰ সান্নিধ্যৰ কিছু বক্তব্য আগবঢ়ায় স্মৃতিচাৰণ কৰে বাঘৰবাৰী গাওঁৰ জেষ্ঠ্য ব্যক্তি ঘনশ্যাম বৰুৱা, শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ কান্ত কুমাৰ, সমাজকৰ্মী বনদেৱ শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে । স্মৃতিচাৰণ সভাত দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ কৰে ক্ৰমে দেওমৰনৈ সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰনাথ শৰ্মা, দেওমৰনৈ জেষ্ঠ্য নাগৰিক সন্থাৰ সভাপতি দেবেন্দ্ৰ কুমাৰ মহন্ত, দেওমৰনৈ সাহিত্য সভাৰ সম্পাদক ডিগাম্বৰ ডেকা, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক কৰুনা কুমাৰ, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্মচাৰী কিৰনময় কাকতি, দেওমৰনৈ বি.এড মহাবিদ্যালয়ৰ কৰ্মচাৰী কবিন কলিতা, দেওমৰনৈ মডেল ইংলিছ স্কুলৰ অধ্যক্ষ তপন বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0bd267aa-2638-486d-b03b-80b7fe52a370/d4345871_c56d_4f7a_9f3c_3e11efb1594e.jpg)
ইয়াৰোপৰি দেওমৰনৈ জেষ্ঠ্য নাগৰিক সন্থাৰ সহকাৰী সম্পাদক ডিম্বেশ্বৰ শৰ্মা, জেষ্ঠ্য নাগৰিক সন্থাৰ আজীৱন সদস্য হৰেন্দ্ৰ বড়া, জ্ঞান জ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিতেশ বৰুৱা, দেওমৰনৈ দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতিৰ সম্পাদক প্ৰসন্ন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক হিৰণ্য কুমাৰ শৰ্মা, ভৱকান্ত কলিতা, শিক্ষক চন্দ্ৰ প্ৰসাদ বৰুৱা,ৰেনেচাঁ ক্লাব বাঘৰবাৰীৰ সভাপতি নৱ কুমাৰ শৰ্মা, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিগন্ত শৰ্মা,সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অজিত বৰুৱাৰ লগতে প্ৰয়াত প্ৰফুল্ল কলিতাৰ পত্নী, পুত্ৰ,বোৱাৰী ,জি ,নাতি নাতিনীৰ উপৰিও উপস্থিত থকা ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত প্ৰফুল্ল কলিতাৰ কনিষ্ঠ পুত্ৰ মৃদুল কলিতাই সভাৰ শেষত ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।
Also Read: ঢকুৱাখনাত টাই ভাষা একাডেমী উদ্বোধন...