/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c4aa5574-d00f-43ed-b434-dc951c1dc49f/darrang 5.jpg)
দৰঙত সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন...
ডিজিটেল সংবাদ জুলাইঃ দৰং জিলা প্ৰশাসনে শুকুৰবাৰে মঙলদৈৰ জিলা পুথিভঁৰালত 'সম্পূৰ্ণতা অভিযান'ৰ শুভাৰম্ভণি অনুষ্ঠিত কৰে। দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ৫০০ টা উন্নয়ন খণ্ডই সকলো উন্নয়নৰ সূচকত পৰিপূৰ্ণতা লাভ কৰাৰ উদ্দেশ্যে দেশজুৰি সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে।
এই উন্নয়ন খণ্ডসমূহৰ ভিতৰত দৰং জিলাৰ পূব মঙলদৈ উন্নয়ন খণ্ডও আছে। নীতি আয়োগৰ নিৰ্দেশ মৰ্মে দৰং জিলা প্ৰশাসনে আজি জিলা পুথিভঁৰালত সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভ কৰে। এই অভিযান অহা ৩০ ছেপ্টেম্বৰলৈকে চলিব। এই সম্পূৰ্ণতা অভিযানৰ মূল উদ্দেশ্য হৈছে উন্নয়নৰ সূচকসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/78afd9c8-b1d0-4888-a1b7-1466afe2929f/4391cae8-f0ab-4501-92c9-13c54e86e624.jpg)
আজি এই শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে, নীটি আয়োগে প্ৰেৰণাদায়ক উন্নয়ন খণ্ডলৈ পৰিবৰ্তন কৰিব বিচৰা ৫০০ টা উন্নয়ন খণ্ডৰ ভিতৰত দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ড আছে। পূব মঙলদৈ উন্নয়ন খণ্ডই যাতে সকলো উন্নয়নৰ সূচকত পূৰ্ণতা লাভ কৰিব পাৰে তাৰবাবে সংশ্লিষ্ট সকলোৱে ঐকান্তিকতাৰে কাম কৰিব লাগিব।
তেওঁ পূব মঙলদৈ উন্নয়ন খণ্ডক প্ৰেৰণাদায়ক উন্নয়ন খণ্ডলৈ ৰূপান্তৰ কৰিবৰ বাবে প্ৰতিযোগিতাৰ মনোভাৱেৰে কাম কৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে স্বাস্থ্য, পুষ্টি, কৃষি আদি বিভিন্ন ক্ষেত্ৰত চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ন হ'ব লাগিব। আকাংক্ষিত উন্নয়ন খণ্ডক প্ৰেৰণাদায়ক উন্নয়ন খণ্ডলৈ পৰিবৰ্তিত কৰাৰ বাবে শিশু আৰু মহিলাৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ এই ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিবলৈ আশাকৰ্মী, অংগনাৱাড়ী কৰ্মীসকললৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/52808183-7265-4ef9-8236-e038d09eaa5b/644abdcc-f8e8-4359-802b-afb7ed7741af.jpg)
সভাত ভাষণ প্ৰদান কৰি মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে, চৰকাৰে আকাংক্ষিত জিলাসমূহৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ সমগ্ৰ দেশজুৰি ৫০০টা উন্নয়ন খণ্ডক উন্নয়নৰ পৰিপূৰ্ণতা দিবলৈ নীটি আয়োগে পদক্ষেপ গ্ৰহণ কৰি আহিছে।
তেওঁ কয় যে, দৰং জিলা প্ৰশাসনে লগতে সংশ্লিষ্ট সকলোৰে সহযোগত পূব মঙলদৈ উন্নয়ন খণ্ডই এই ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰি প্ৰেৰণাদায়ক উন্নয়ন খণ্ডলৈ পৰিবৰ্তিত হ'ব। সভাত ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে পূব মঙলদৈ উন্নয়ন খণ্ডক নীটি আয়োগে নিৰ্ধাৰণ কৰা উন্নয়নৰ সকলো সূচকত পৰিপূৰ্ণতা লাভ কৰিবৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে, দেশৰ নিৰ্বাচিত ৫০০ আকাংক্ষিত উন্নয়ন খণ্ডক প্ৰেৰণাদায়ক উন্নয়ন খণ্ডলৈ ৰূপান্তৰ কৰাৰ বাবে গ্ৰহণ কৰা সম্পূৰ্ণতা অভিযানে পূব মঙলদৈ উন্নয়ন খণ্ডক সামৰি লৈছে। এই অভিযানৰ উদ্দেশ্য সফল কৰিবৰ বাবে জিলাখনৰ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰিব।
ভাষণ প্ৰসংগত তেওঁ এই অভিযানৰ লক্ষ্য-উদ্দেশ্য আৰু কৰ্মসূচীৰ বিষয়ে উল্লেখ কৰে।আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মায়ো ভাষণ দিয়ে। অনুষ্ঠানত উপস্থিত সকলোৱে সম্পূৰ্ণতা অভিযানৰ শপত গ্ৰহণ কৰে। সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হয়।
সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, আশা-অংগনাৱাড়ী কৰ্মী, সাংস্কৃতিক কৰ্মী আদিৰ লগতে ৰাইজ উপস্থিত আছিল।
Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত ফলমূল আৰু শাক-পাচলি সংৰক্ষণ প্ৰশিক্ষণৰ সামৰণি