ছিপাঝাৰত ছিঙিল ননৈ নদীৰ মথাউৰিঃ জলমগ্ন কেইবাখনো গাওঁ

ছিপাঝাৰত ছিঙিল ননৈ নদীৰ মথাউৰিঃ জলমগ্ন কেইবাখনো গাওঁ

ডিজিটেল ডেস্কঃ ছিপাঝাৰৰ জনসেৱাত ছিঙিল ননৈ নদীৰ মথাউৰি। ননৈৰ পশ্চিম দিশৰ মথাউৰি ছিঙাৰ ফলত জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও। হঠাৎ হোৱা এই বানৰ বাবে আশ্রয়হীন হৈ পৰিছে অঞ্চলটোৰ শ শ লোক।

উক্ত অঞ্চলত ইতিমধ্যেই উপস্থিত হৈছে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা। অঞ্চলটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বনাক্ৰান্তৰ খবৰ লৈ আশ্ৰয় শিবিৰ সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ কথা অৱগত কৰে।

উল্লেখ্য যে, ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত বিগত দিনত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলতেই ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপ-নৈসমূহত বৃদ্ধি পাইছে জলস্তৰ। যাৰ বাবে ভদীয়া বানৰ কবলত পৰিছে উজনি-নামমিৰ কেইবাখনো ঠাই।

ছিপাঝাৰত ছিঙিল ননৈ নদীৰ মথাউৰিঃ জলমগ্ন কেইবাখনো গাওঁ
সূৰ্য যাত্ৰালৈ সাজু ইছৰো...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in