/asomiyapratidin/media/media_files/2025/01/17/tr5HHRRX6QGW7YW8utmh.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ শুকুৰবাৰে মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাঙ্গনত দৰং জিলা সাহিত্য সভাৰ উদ্যোগত তিনিও কালৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতি তথা শিল্পী দিৱসটি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ৮ঃ৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই।
৯-১৫ বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক তথা দৰং জিলা সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ আহ্বায়ক ড০ লীনা শইকীয়াই। বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত সহযোগ কৰে দৰং জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ-সভাপতি কুঞ্জ দেৱীয়ে।
ৰাতিপুৱা ১০-৩০ বজাৰ পৰা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতা, জ্যোতি কবিতা আবৃত্তি প্ৰতিযোগিতা, আকস্মিক বক্তব্য প্ৰতিযোগিতা অনুস্থিত হয়। দুপৰীয়া ১ বজাৰ পৰা মুকলি আৰু পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হয়।
সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই। সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা জিলা সাহিত্য সভাৰ ধনভড়ালী হৰি চন্দ্ৰ শৰ্মাই ।
নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ,কৃৰ্তী শিক্ষক তৰুণ চন্দ্ৰ শৰ্মাই সভাত উপস্থিত থকা শিক্ষাৰ্থীসকলক অংক শিকাৰ সহজ নিয়ম সম্পৰ্কে বাখ্যা আগবঢ়াই। এই সভাতেই আজি অনুষ্ঠিত জ্যোতি সংগীত প্ৰতিযোগিতা, জ্যোতি কবিতা আবৃত্তি প্ৰতিযোগিতা, আকস্মিক বক্তব্য প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে পুৰস্কাৰ প্ৰদান কৰা হয়।
জিলা সাহিত্য সভাৰ সহ সম্পাদক প্ৰবীণ বৰুৱা আৰু মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবিন কাকতিয়ে আঁতধৰা অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী উপস্থিত থাকে।