/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e15e4c15-7f41-4094-8c4c-5dfd64cfbadb/dhula_police_26.jpg)
জালুকবাৰীৰ পৰা খাৰুপেটীয়ালৈ যোৱাৰ পথত ডকাইতিৰ বলি হ'ল মহিলা...
ডিজিটেল সংবাদ ধূলা: জালুকবাৰীৰ পৰা খাৰুপেটীয়ালৈ লৈ যোৱাৰ চলেৰে এগৰাকী মহিলাৰ আ-অলংকাৰ, মোবাইল, নগদ ধন দুৰ্বৃত্তই কাঢ়ি নিয়াৰ ঘটনাই ধূলাত চাঞ্চল্য সৃষ্টি কৰিছে। অভিযোগ অনুসৰি দৰঙৰ খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডৰ মনোহৰ লাল ঝাঞ্জাৰীৰ পত্নী বৈজয়ন্তী মালা ঝাঞ্জাৰী নামৰ মিহিলাগৰাকীয়ে মঙ্গলবাৰে খাৰুপেটীয়াৰ ঘৰলৈ আহিলৈ বুলি জালুকবাৰীত বাছৰ কাৰণে ৰৈ আছিল।
তেনে সময়ত তিনিজন যুৱক উঠি অহা এখন চাৰিচকীয়া বাহন তেওঁৰ সন্মুখত ৰৈ কলৈ যাব বুলি প্ৰশ্ন কৰে। ইয়াৰ পাছত মহিলাগৰাকীয়ে তেওঁলোকক খাৰুপেটীয়ালৈ যাম বুলি কয়। যুৱকৰ দলটোৱে মহিলাগৰাকীক- আমিও তেজপুৰলৈ গৈ আছোঁ বাছৰ সমান ভাড়া দিলেই হ'ব বুলি কৈ তেওঁক সেই বাহনখনতে যোৱাৰ কথা ক'লে।
মহিলাগৰাকীয়ে তেওঁলোকৰ লগত সেই বাহনখনত ঘৰলৈ বুলি আহি থকাৰ মাজতে সন্ধিয়া প্ৰায় ছয় মান বজাত মঙলদৈৰ মেনাপাৰা পাৰ হোৱাৰ পাছতে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ এক নিৰ্জন স্থানত বাহনখন ৰখাই মহিলাগৰাকীক চোকা অস্ত্ৰ দেখুৱাই হাত, মুখ বান্ধি তেওঁ পৰিধান কৰি অহা সোণৰ আ-অলংকাৰ, মোবাইল,নগদ টকা লৈ সেই স্থানৰ পৰা উধাও হয়।
তিনিজনীয়া যুৱকৰ এই দলটোৱে মহিলাগৰাকীক সেই স্থানতে গাড়ীৰ পৰা গতিয়াই উলিয়াই দিয়ে। ফলত কিছু পৰিমাণে আহত হয় মহিলাগৰাকী। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত সেই তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৰ সন্দৰ্ভত কোনো সম্ভেদ উলিয়াব পৰা নাই।
Also Read: এই তিনিখন ৰাজ্যত ঘোষণা কৰা হৈছে ৰেড এলাৰ্টঃ দুদিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান...