
ডিজিটেল সংবাদ, ওৰাং: যোৱা মঙলবাৰে নিশা ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত কছাৰী ভেটিটোপ গাঁৱত সংঘটিত হৈছিল ৪১ দিনীয়া দেৱশিশু চুৰিৰ ঘটনা ।অৱশেষত উদ্ধাৰ হ'ল চুৰি হোৱা ৪১ দিনীয়া দেৱশিশুটি । ওৰাং আৰক্ষীয়ে অভিযান চলাই মিছামাৰিৰ পৰা শিশুটিক উদ্ধাৰ কৰাৰ লগতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মাতৃৰ বুকু উদং কৰি ৰাতিৰ এন্ধাৰত বিছনাৰ পৰাই ৪১ দিনীয়া এটি দেৱশিশু চুৰি কৰা হৈছিল। মাতৃৰ হিয়াভৰা কান্দোনত সকলোৰে হৃদয় কান্দি উঠিছিল। মৰমৰ সন্তানক উদ্ধাৰ কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছিল মাতৃয়ে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছিল।
একেখন গাঁৱৰে তথা কৰ্মসূত্ৰে তেজপুৰত থকা চহৰ আলী নামৰ ব্যক্তিক সন্দেহ কৰি ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল শিশুটিৰ মাতৃ হাচিনা বেগম আৰু পিতৃ ফইজুল হকে। সেই মৰ্ম ওৰাং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাই আৰম্ভ কৰে তদন্ত।
অৱশেষত আৰক্ষীৰ তৎপৰতাত ৩৬ ঘন্টাৰ ভিতৰতে উদ্ধাৰ কৰে ৪১ দিনীয়া শিশুটিক। মিছামাৰিৰ কলাকুছিৰ এঘৰৰ পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ওৰাং আৰক্ষীয়ে। লগতে এই জঘন্য ঘটনা তথা শিশু সৰবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহত মাজুফা খাতুন নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ওৰাং আৰক্ষীয়ে।
ওৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে দূৰ্ভগীয়া পিতৃ-মাতৃয়ে। দেৱশুটিক চহৰ আলী নামৰ কালপ্ৰীট জনে চুৰি কৰি লৈ গৈ মুন্না নামৰ লোকজনক দিয়ে আৰু মুন্নাই শিশুটিক মহিলা জনীৰ ঘৰত থৈ আহে বুলি গ্ৰেপ্তাৰ হোৱা মাজুফা খাতুনে প্ৰকাশ কৰে। শিশুটি বিক্ৰী কৰিবলৈ চহৰ আলীয়ে চুৰি কৰাৰ সন্দেহ আৰক্ষীৰ। ঘটনাৰ মূল অভিযুক্ত চহৰ আলী সম্প্ৰতি পলাতক হৈ আছে । তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত সকলো কালপ্ৰীটক শীঘ্ৰেই গ্ৰেপ্তাৰৰ আশ্বাস ওৰাং আৰক্ষীৰ ।