ৰবি শৰ্মাৰ আহ্বান গাহৰি খায় চছিয়েল মিডিয়াত ফটো প্ৰচাৰ কৰাতকৈ কৰক এই কাম...

মঙলদৈৰ ড্ৰীম থিয়েটাৰ হলত উপস্থিত ৰবি শৰ্মা। শনিবাৰে গধুলি মঙলদৈৰ ড্ৰীম থিয়েটাৰ হলত উপস্থিত হয় ৰবি শৰ্মা।

author-image
Asomiya Pratidin
New Update
ৰবি শৰ্মাৰ আহ্বান গাহৰি খায় চছিয়েল মিডিয়াত ফটো প্ৰচাৰ কৰাতকৈ কৰক এই কাম...

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈৰ ড্ৰীম থিয়েটাৰ হলত উপস্থিত ৰবি শৰ্মা। শনিবাৰে গধুলি মঙলদৈৰ ড্ৰীম থিয়েটাৰ হলত উপস্থিত হয় ৰবি শৰ্মা। পত্নীসহ শ্ৰীৰঘুপতি উপভোগ কৰে মঙলদৈ ড্ৰীম থিয়েটাৰ হলত। ৰবি শৰ্মাই সাংবাদিকৰ সন্মুখত কয় সমালোচনাৰে কেতিয়াও ভাল ছবি নিৰ্মাণ হোৱা নাই।

Advertisment

ৰঘুপতিয়ে তিনি দিনত ব্যৱসায় কৰিলে ১ কৌটি ৪০ লাখ টকা। ভাৰতবৰ্ষত ২৫৮ টা হলত ৰঘুপতি চলিছে । অসমৰ বৰাক ভেলী কৰিমগঞ্জৰ ওপৰিও দিল্লী, মহাৰাষ্ট্ৰ, হাইদৰাবাদ, গোৱা আদিতো অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে শ্ৰীৰঘুপতিয়ে।

সংবাদ মাধ্যমক ধন্যবাদ জনাই ৰবি শৰ্মাই কয় ৰঘুপতিৰ এটা আচোৰৰ পৰা ছবি নিৰ্মাণৰ শেষলৈকে সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাবে দৰ্শকৰ সঁহাৰি লাভ কৰিছে । ৰঘুপতি চাৰিটা খুটাৰে নিৰ্মিত-প্ৰযোজক, কলা-কৌশলী, সংবাদ মাধ্যম আৰু দৰ্শক।

আনহাতে গাহৰিৰ মাংস খায় ৰাতিপুৱা দাঁত ব্ৰাছ কৰি চচিয়েল মিডিয়াত প্ৰচাৰ কৰাতকৈ দৰ্শক ৰাইজে ছবি ওপৰত তীব্ৰভাৱে সমালোচিত কৰক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰবি শৰ্মাই । অভিভাৱকসকলে সন্তানক ডাক্তৰ, ইঞ্জিনিয়াৰ বনোৱাৰ সপোন দেখাত কৈ এজন অভিনেতা, সাংবাদিক, ছাউণ্ড ইঞ্জিনিয়াৰ আদি সজোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰক বুলিও মন্তব্য আগবঢ়ায়।

ৰঘুপতিত মঙলদৈৰ নৱাগত শিল্পী বাব্লি কাশ্যপেও অভিনয় কৰি সমাদৰ লাভ কৰে ।বাব্লিক ৰবি শৰ্মাই ৰাইজৰ আগত চিনাকি কৰাই দি শুভেচ্ছা জনায় ।

Also Read: আজি বিহাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা: ৮০৬ টা পদত অৱতীৰ্ণ ৪,৪৩১ জন প্ৰাৰ্থী...

Dream Theatre Hal Ravi Sharma