দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলমালে প্ৰতিবাদকাৰীয়ে

দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলমালে প্ৰতিবাদকাৰীয়ে

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত বুধবাৰে ওলমিল তলা। জিলা মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে বন্ধ কৰিলে দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়।

"মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ মাননিৰ পৰিৱৰ্তে মজুৰি দিয়ক", "বকেয়া মাননি আদায় দিয়ক", "কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰক", "১০ হাজাৰ টকা মাননি প্ৰদান কৰক" আদি ধ্বনিৰে দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পিকেটিং কাৰ্যসূচী ৰূপায়ন কৰে শ শ ৰান্ধনীয়ে।

শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰান্ধনীসকলে। ক্ষোভিত ৰান্ধনীসকলে এই দাবী মানি নললে আৰক্ষীক গুলীয়াই মাৰিবলৈ আহ্বান জনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে। আবেলি ৫ বজালৈকে শিক্ষা বিষয়াৰ কাৰ্যালয় খুলিব নিদিয়াৰ হুংকাৰ ৰান্ধনী সকলৰ।

দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলমালে প্ৰতিবাদকাৰীয়ে
সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in