ৰঙালী বিহুৰ প্ৰাকক্ষণত মঙলদৈত পাৱাৰলুমৰ গামোচাৰ পয়োভৰ...

হেঁপাহৰ ৰঙালী বিহুত শিপিনীয়ে তাঁত শালত বৈ দিয়া গামোচা ডিঙিত লৈ অসমীয়াই গৌৰৱ অনুভৱ কৰে। কিন্তু ঠলুৱা শিপিনীৰ গামোচাক প্ৰত্যাহ্বান জনাই বজাৰত উভৈনদী হৈ পৰিছে চালানী গামোচা।

author-image
Asomiya Pratidin
New Update
ৰঙালী বিহুৰ প্ৰাকক্ষণত মঙলদৈত পাৱাৰলুমৰ গামোচাৰ পয়োভৰ...

ডিজিটেল সংবাদ, মঙলদৈঃঅসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুত শিপিনীয়ে তাঁত শালত বৈ দিয়া গামোচা ডিঙিত লৈ অসমীয়াই গৌৰৱ অনুভৱ কৰে। কিন্তু ঠলুৱা শিপিনীৰ গামোচাক প্ৰত্যাহ্বান জনাই বজাৰত উভৈনদী হৈ পৰিছে চালানী গামোচা।

ৰঙালী বিহুৰ প্ৰকক্ষণত এতিয়া মঙলদৈৰ বজাৰত চালানী পাৱাৰলুমৰ গামোচাৰ পয়োভৰ ঘটিছে। বিহুৰ বাবে ব্যৱসায়ীসকলে অধিক মুনাফাৰ আশাত আমদানি কৰিছে যন্ত্ৰচালিত মেচিনত তৈয়াৰ কৰা গামোচা।

শুকুৰবাৰে দৰং জিলা হস্ত তাঁত আৰু বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক সীতা বৰাই মঙলদৈ ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰাৰ সহযোগত মঙলদৈৰ বজাৰত এক অভিযান চলাই তিনি শতাধিক বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত গামোচা জব্দ কৰে। গামোচাসমূহ মঙলদৈ চহৰৰ অন্নপূৰ্ণা ষ্টোৰ, আৰ ডি উমা ষ্টোৰ, উমা ষ্টোৰ, জননী ষ্টোৰ আদিৰ লগতে বৰপুখুৰীৰ পাৰত অস্থায়ীভাৱে বহা কেইবাখনো দোকানৰ পৰা জব্দ কৰে। এই অভিযানৰ সময়ত বহু ব্যৱসায়ীয়ে নিমিষতে এনে অবৈধ গামোচা লুকুৱাই পেলোৱাৰ ফলত সেইসমূহ জব্দ কৰিব নোৱাৰিলে।

মঙলদৈ পাৱাৰলুমৰ গামোচা গামোচা ৰঙালী বিহু