ডিজিটেল সংবাদ,ৰৌতাঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্র প্রিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসমৰ চেমি কন্ডাক্টৰ সন্দর্ভত মল্লিকাৰ্জুন খাৰ্গেৰ পুত্র প্রিয়াংক খাৰ্গেই কৰা মন্তব্যক অসম বিৰোধী আখ্যা মন্ত্ৰী হাজৰীকাৰ।
দেওবাৰে ৰৌতাৰ এক বিশেষ সাংগঠনিক সভাত উপস্থিত হয় মন্ত্রী পীযুষ হাজৰীকা, সাংসদ দিলিপ শইকীয়াৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মী। সভাত মন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্রেছী পিতা-পুত্র পূর্বৰে পৰাই অসম বিৰোধী। বাৰম্বাৰ কংগ্রেছে অসমক অপমান কৰা নতুন কথা নহয়। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্রদান কৰাৰ সময়তো বিপৰীত মেৰুত অৱস্থান কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
লগতে এগৰাকী মন্ত্রী হৈ প্রিয়াংক খাৰ্গেই আন ৰাজ্যৰ প্রতি কৰা এনে অপমানজনক কার্যক দুর্ভাগ্যজনক আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে। ইফালে, চেমি কনডাক্টৰ সন্দর্ভত প্রিয়াংক খাৰ্গেই কৰা মন্তব্যৰ সাংসদ গৌৰৱ গগৈয়ে তথ্য প্রমাণ বিচৰাক লৈ ক্ষোভ প্রকাশ কৰে মন্ত্ৰীগৰাকীয়ে|কৰ্ণাটকৰ এজন দায়িত্বশীল মন্ত্রী হৈ প্রিয়াংক খাৰ্গেই নিজৰ X হেণ্ডেলৰ পৰা কৰা মন্তব্যৰ গৌৰৱ গগৈয়ে তথ্য প্রমাণ বিচৰা কথাত ক্ষোভ প্রকাশ কৰে।
ৰৌতা বাথৌ মন্দিৰ প্রাঙ্গণত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ 'মন কি বাত অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মন্ত্রী পীয়ুষ হাজৰীকাই। 'মন কী বাত' অনুষ্ঠানৰ পাছতেই দলটোৰ কাৰ্যকৰ্তাৰ সৈতে সাংগঠনিক সভাত মিলিত হয় মন্ত্রীগৰাকী।
আনহাতে, মাজবাট সমষ্টিত বিজেপিৰ সদস্য ভর্তি অতি কম হোৱাত ভাষণৰ মাজতেই খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্রী গৰাকী। সংখ্যালঘু ভোটাৰ বেছি থকা জাগিৰোডত যদি বিজেপিয়ে বৃহৎ হাৰত সদস্য ভৰ্তি কৰিব পাৰে, তেনেক্ষেত্রত মাজবাট সমষ্টিৰ দলীয় বিষয়ববীয়া এই ক্ষেত্রত কিয় অতি পিছপৰি আছে বুলি মন্তব্য কৰে। সমগ্র ভাৰতৰ প্রায় ৫৫ লাখ লোকক বিজেপিৰ সদস্য ভর্তি কৰোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।