বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্ৰীৰ জি আই টেগ লাভ...

বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্ৰীৰ জি আই টেগ লাভ...

author-image
Asomiya Pratidin
New Update
বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্ৰীৰ জি আই টেগ লাভ...

ডিজিটেল সংবাদ,ওৰাংঃ অসমৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ। বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্ৰীয়ে জি আই টেগ লাভ কৰাত প্রতিক্রিয়া নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বিপেন বড়োৰ।

Advertisment

জি আই নেতৃত্বৰ এনে সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বড়োই ৷ নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা, BTR চৰকাৰকে ধৰি বহুকেইটা সংগঠনে সন্মিলিতভাৱে এই জি আই ৰ বাবে প্রচেষ্টা হাতত লৈছিল বুলি দ্বিপেন বড়োৱে মন্তব্য কৰে৷

উল্লেখ্য যে, বড়ো জনগোষ্ঠীৰ এই ৮ বিধ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয়। উল্লেখ কৰা প্ৰয়োজন যে Bodo Traditional Brewers Association য়ে তিনি প্ৰকাৰৰ থলুৱা পানীয়ক জি আই টেগ দিবৰ বাবে আবেদন জনাইছিল।

এই তিনি প্ৰকাৰৰ থলুৱা পানীয় হৈছে বড়োসকলৰ পৰম্পৰাগত বড়ো জৌ গোৱাৰণ (Bodo jou gwran), মাইব্ৰা জৌ বিদ্বি (Maibra jou Bidwi), আৰু বড়ো জৌ গিছি (Bodo jou gish).

ইয়াৰোপৰি, Association of Traditional Food Products য়ে ৪ বিধ সামগ্ৰীৰ ওপৰত জি আই টেগ বিচাৰিছিল। এই আটাইকেইটা সামগ্ৰীৰ ওপৰত জি আই টেগ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে বড়ো নাফামা (Bodo nampham), বড়ো গোৱাখাও (bodo gwkha), বড়ো নাৰ্জী (bodo narzi) আৰু বড়ো অনলা (Bodo ondla)।

Also Read: অচিৰেই চাকৰি হেৰুৱাব ৰাজ্যৰ ১৭ জন আৰক্ষী পৰিদৰ্শকে!

BODO TRADITION GI TAG gi tag