দৰং-ওদালগুৰি সমষ্টিৰ বাবে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ

দৰং-ওদালগুৰি সমষ্টিৰ বাবে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ

ডিজিটেল সংবাদ, দৰংঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰৰ পৰা আৰম্ভ মনোনয়ন দাখিলৰ দিন। আজি দৰং-ওদালগুৰি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে।

জ্যোতিষীৰ পৰামৰ্শ অনুসৰি দিনৰ ০১:২০ বজাৰ পিছতে ওদালগুৰি আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন। প্ৰাৰ্থগৰাকীয়ে কয় যে, অকল সংখ্যালঘু ভোটাৰৰ দ্বাৰাই নহয় দৰং-ওদালগুৰিবাসী ৰাইজৰ ভোটত জয়ী হ'ব মাধৱ ৰাজবংশী।

লগতে কয়, বিৰোধী মোৰ শত্ৰু নহয়। কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু বিপিএফ দুয়োটা দলৰ লগতে হ'ব। বিজেপিৰ লগত দৰঙত আৰু বিপিএফ ৰ লগত বিটিএডি ত হ'ব প্ৰতিদ্বন্দ্বিতা। কিন্তু বিপুল ভোটত জয়ী হব কংগ্ৰেছ প্ৰাৰ্থী।

দৰং-ওদালগুৰি সমষ্টিৰ বাবে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ
লোকসভা নিৰ্বাচনত অংশ গ্ৰহণ নকৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল মোডীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in