মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মঠাউৰি...

মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মঠাউৰি...

author-image
Asomiya Pratidin
New Update
মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মঠাউৰি...

মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মঠাউৰি...

ডিজিটেল সংবাদ মঙলদৈঃ পুনৰ চিঙিল মঙলদৈ কমাৰপাৰাত নোৱানদীৰ মঠাউৰি। ফলত মঠাউৰি চিঙি কমাৰপাৰা, গোসাঁইগাওঁ, কপালিবস্তি, মোৱামাৰীকে ধৰি কেইবাখনো গাওঁ প্লাবিত হৈছে।

Advertisment

উল্লেখ্য যে, মাত্ৰ এমাহ পূৰ্বে এই স্থানতে চিঙিছিল মঠাউৰিটো। সেই সময়ত পৰিদৰ্শন কৰিছিল জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনে।

ইয়াৰ পাছত পুনৰ নিৰ্মাণ কৰিছিল চিঙি যোৱা মঠাউৰিটো। ফলত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা লাভ কৰিছিল স্থানীয় ৰাইজে। কিন্তু বুধবাৰে নিশা পুনৰ একেটা স্থানতে মঠাউৰিটো চিঙিযোৱাত বৃহৎ অঞ্চল জলমগ্ন হৈ পৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কাম নিম্ন মানৰ হোৱা হেতুকে পুনৰ একেটা স্থানতে মঠাউৰিটো চিঙি যায়। মঙলদৈ জল সম্পদ বিভাগে ৩০ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল মঠাউৰিটো। অতি সোনকালেই এই মথাউৰিটো পুনৰ নিৰ্মাণ কৰিব নোৱাৰিলে অধিক অঞ্চল জলমগ্ন হৈ পৰাৰ আশংকা কৰিছে।

মঙলদৈ বানপানী