/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/07c7cdc0-21c4-49d3-b134-c7d6cd8f8228/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ স্বচ্ছ ভাৰত অভিযানৰ (নগৰ) আঁচনিৰ অধীনত সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা "ইণ্ডিয়ান স্বচ্ছতা লীগ ২.০"ৰ অংশৰূপে মঙলদৈ পৌৰসভাই দেওবাৰে মঙলদৈত এক সচ্ছতা সজাগতা সমদল আৰু চাফাই অভিযানৰ আয়োজন কৰে। পুৱা মঙলদৈ নগৰৰ মাজমজিয়াত জয়ন্ত হাজৰিকা উদ্যানৰ সমীপত এই সজাগতা সমদল আৰু চাফাই অভিযানৰ শুভাৰম্ভ কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9f7a8010-1a63-43cb-9396-f65aaf7a4a48/18595460_0031_4cc2_9de0_36f334421f6d.jpg)
জিলা আয়ুক্তগৰাকীয়ে কয় যে সুস্থ সামাজিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত স্বচ্ছতাৰ বিশেষ গুৰুত্ব আছে । মঙলদৈ পৌৰসভা এলেকা পৰিস্কাৰ কৰি ৰখাৰ বাবে পৌৰসভাৰ লগতে ব্যৱসায়ী আৰু সাধাৰণ ৰাইজে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। মঙলদৈ পৌৰসভাই সংশ্লিষ্ট সকলোৰে সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/835faf27-08a2-4f9d-ab17-251ad40904f2/2e953d4f_f1f3_450f_8a2c_7b5d85752c59.jpg)
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে মঙলদৈত পৰিস্কাৰ-পৰিচ্ছন্নতা অটুট ৰখাৰ ক্ষেত্ৰত নাগৰিকসকলে লোৱা ভূমিকাৰ শলাগ লয়। অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী, দৰং জিলাৰ উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, কেইবাগৰাকীও সমাজকৰ্মী, আত্মসহায়ক গোটৰ সদস্য, এন চি চিৰ কেডাৰ, ছাত্ৰ-ছাত্ৰী আদিয়ে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/be5f6a9e-1bfc-4485-900f-5ea993d26b19/38caa737_e581_4fc1_b5e8_24da6c1b399e.jpg)
উল্লেখ্য যে, স্বচ্ছতা অভিযান কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি বিতৰণৰ লগতে মঙলদৈ পৌৰসভাৰ কাৰ্যালয়ত জিলা আয়ুক্ত আৰু আন বিশিষ্ট ব্যক্তিসকলে গছপুলি ৰোপণো কৰে।
Also Read: অমৃতবৃক্ষ আন্দোলনৰ অন্ত পেলাই "মোৰ মাটি মোৰ দেশ"কলৈ মুখ্যমন্ত্রীৰ বিশেষ ঘোষণা