/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/police-arrested-thief-newsface.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। মৰেল পুলিচিঙক লৈ ছিপাঝাৰৰ পদ্মাঝাৰত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ছাগলী চোৰক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি অঞ্চলটোত। ছাগলী চোৰৰ অভিযোগত একাংশলোকে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। সেই লোকসকলৰ প্ৰহাৰতেই মৃত্যু হয় মজিবৰ আলিৰ।
মজিবৰক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হৈছিল তেওঁৰ । ঘটনাক লৈ ইতিমধ্যে বুঢ়া আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক।
একাংশ লোকে আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ। বুঢ়া আৰক্ষী চকীত উপস্থিত হৈছে দৰঙ জিলাৰ আৰক্ষী অধীক্ষক। ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
Also Read: তামুলপুৰত চোৰৰ সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us