/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5b6d0ac9-a3fb-4728-b5fd-0835f39003ee/Mangaldoi.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডে গ্ৰাম্য জীৱন ৰূপান্তৰিত কৰাত সফলতা উপলক্ষে উদযাপন কৰে আজাদী কা অমৃত মহোৎসৱ। দৰং আৰু ওদালগুৰি জিলাৰ জিলা বিকাশ প্ৰৱন্ধকৰ কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকে শুকুৰবাৰে মঙলদৈ ইউথ ক্লাৱত দৰং আৰু ওদালগুৰি জিলাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b6bf93b5-d4a1-4339-83cb-b44f321ec4a9/2f603510_8357_4be5_a403_2bed3d3a3149.jpg)
দৰং আৰু ওদালগুৰি জিলাত "Achievements @ 75 : Transforming Lives" আৰু "NABARD"ৰ অৱদান শীৰ্ষক এই কাৰ্যসূচীত দৰং আৰু ওদালগুৰি জিলাৰ প্ৰায় অৰ্ধশতাধিক বিভিন্ন গোটৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটি আৰম্ভ হয় বন্তি প্ৰজ্বলনেৰে। বন্তি প্ৰজ্বলন কৰি নাবাৰ্ডৰ এজিএম গৌৰৱ কুমাৰ ভট্টাচাৰ্জীয়ে কয় 'নাবাৰ্ড'ৰ উন্নয়নমূলক প্ৰকল্পৰ সৈতে জড়িত হৈ আছে দৰং আৰু ওদালগুৰি জিলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9bc23e62-1964-48d8-b376-d69512e29aa8/1e0e4bcf_f027_4429_9b8e_bebc3e685a52.jpg)
নাবাৰ্ডৰ সহকাৰী মহাপ্ৰৱন্ধক গৌৰৱ কুমাৰ ভট্টাচাৰ্জীয়ে দৰং আৰু ওদালগুৰি জিলা উভয়তে চলি থকা মিলেট মিছন আৰু টিডিএফৰ দৰে বিশেষ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। স্বেচ্ছাসেৱী অনুষ্ঠান এন ই কাৰ্ডৰ সভাপতি গৌতমানন্দ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানত এপেক্স বেংকৰ মঙলদৈ শাখাৰ পৰিচালক মণিদীপ শৰ্মা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী অৰ্চনা শৰ্মা পুৰকায়স্থই অনুষ্ঠানৰ লগত সংগতি ৰাখি বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dd4b36ad-62ec-4882-aef0-bc2243c90134/6fa0412d_deba_439f_b5c6_e46247be1509.jpg)
কেইগৰাকীমান মহিলা হিতাধিকাৰীয়ে জিলাখনত নাবাৰ্ডৰ কিছুমান উন্নয়নমূলক ভূমিকা গ্ৰহণ কৰাৰ দিশত নাবাৰ্ডৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাগ-বতৰা কৰে। শেষত এম ই ডি পিৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9e8aad7c-19e2-44ae-b17a-108a5fd1077c/408f70fb_f240_44b1_8772_5b1a923d83c3.jpg)
Also Read: ওদালগুৰিত বিজেপিৰ জিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন...