/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/eftqs6rm/ranjieet-das-21.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সোমবাৰে দৰং জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আচঁনিৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে আচঁনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী দৰং জিলাৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বিভাগ দুটাৰ আন বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ), এম জি এনৰেগা, পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ কাম-কাজ, অমৃত সৰোবৰ আদিৰ পৰ্যালোচনা কৰা হয়।
তেওঁ লগতে পঞ্চদশ বিত্ত আয়োগৰ কাম-কাজকে ধৰি জিলা পৰিষদৰ সকলো আঁচনিৰ কাম-কাজ জিলা আয়ুক্তক নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। তদুপৰি আচঁনিসমূহৰ সময়সাপেক্ষ তথা যথাযথ ৰূপায়নৰ পদক্ষেপ ল'বলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
তেওঁ লগতে ৱান ডিষ্ট্ৰিক ৱান প্ৰডাক্টৰ অধীনত জিলাখনত উৎপাদিত এক বিশেষ সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰে। জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লয়।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে অহা ৩ নবেম্বৰৰ পৰা ৯ নবেম্বৰলৈ সমগ্ৰ ৰাজ্যজুৰি পালন কৰিবলগীয়া ভাষা গৌৰৱ সপ্তাহৰ দৰং জিলাৰ প্ৰস্তুতি সম্বন্ধীয় এখন বৈঠকত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ছিপাঝাৰৰ বিধায়ক ড০পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস,দৰং জিলা সাহিত্য সভাৰ প্ৰতিনিধি, বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ প্ৰতিনিধি,দৰং চেম্বাৰচ অব কমাৰ্চৰ প্ৰতিনিধি, বিভিন্ন ক্লাব, স্বেচ্ছাসেৱী অনুষ্ঠান, প্ৰেছ ক্লাবৰ প্ৰতিনিধি আৰু সাংবাদিক আদিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে সকলোকে এই কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সফল কৰাৰ আহ্বান জনায়।
বৈঠকত বিধায়ক ড০পৰমানন্দ ৰাজবংশীয়ে ৰাজ্যখনৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশত দৰং জিলাৰ অৰিহণাৰ আলোকপাতৰে বক্তব্য প্ৰদান কৰে।
Also Read: নলবাৰী ৰাসলৈ আহিব ৰামাণয়ৰ ১৬ কলা-কুশলীৰ সৈতে ৰূপালী পৰ্দাৰ ৰাম-সীতা...