ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়ত বৈদিক গণিতৰ কৰ্মশালা...

অংক বিষয় বুলিলেই প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বাবে এক জ্বৰ উঠা কথা দৰে । বহুতেই এৰাই চলিব খোজে এই বিষয়টো
গণিতৰ কৰ্মশালা
গণিতৰ কৰ্মশালা

প্ৰতিদিন সংবাদ, মঙলদৈঃ অংক বিষয় বুলিলেই প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বাবে এক জ্বৰ উঠা কথা দৰে । বহুতেই এৰাই চলিব খোজে এই বিষয়টো । সেয়ে ছাত্ৰ-ছাত্ৰী সকলে পাঠ্যপুথিৰ গণিতক সহজে আয়ত্ব কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰাৰ বাবে শুকুৰবাৰে ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়, মুদৈবৰীত এদিনীয়া কাৰ্য্যসুচীৰে বৈদিক গণিতৰ কৰ্মশালা অনুষ্ঠিত হয় ।

উতক্ত কৰ্মশালাখনৰ সভাপতিত্ব কৰে ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিজ্ঞান শিক্ষক অতুল চন্দ্ৰ ডেকাই ।

লগতে কৰেমশালাখনৰ উদ্ধোধন কৰে শিক্ষক প্ৰসন্ন কলিতাই । দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক বিজয় কুমাৰ বৰুৱা আৰু শিক্ষক হৰিচন্দ্ৰ কলিতা সভাত উপস্থিত থাকি বিষয়টোৰ সন্দৰ্ভত চমু ভাষণ আগবঢ়ায় ।

সমল ব্যক্তি হিমাশ্ৰী কলিতাই বৈদিক গণিতৰ ওপৰত চমু ভাষণ ৰখাৰ পিছতে সভাপতিৰ আহ্বান মৰ্মে বৈদিক গণিতৰ পাঠদান আৰম্ভ কৰে ।

এদিনীয়াকৈ অনুস্থিত কাৰ্য্যসুচীত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি বৈদিক গণিতৰ ওপৰত শিক্ষা গ্ৰহণ কৰে । কৰ্মশালাখন সফল কৰাৰ বাবে প্ৰধান শিক্ষক অতুল চন্দ্ৰ ডেকাই সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে ।

গণিতৰ কৰ্মশালা
গণিতৰ কৰ্মশালা
গণিতৰ কৰ্মশালা
তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in