/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/503ec55b-382e-4553-b26c-7a2be1864291/459.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : বৃহত্তৰ মঙলদৈ অঞ্চলৰ জনাৰামচৌকাৰ শাকতোলা নদীৰ ভঙা মথাউৰি শনিবাৰে পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। লগতে অঞ্চলটোৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
শাকতোলাৰ ভঙা মথাউৰিৰ পুনঃনিৰ্মাণৰ কাম পূৰ্ণগতিত চলা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে বৃহস্পতিবাৰৰ পুৱতি নিশা শাকতোলা নদীৰ মথাউৰি ছিঙিছিল। ফলত ভালেকেইখন গাঁও বানপানীত ডুব গৈছিল।
জলসম্পদ বিভাগে ততাতৈয়াকৈ এই ভঙা অংশ পুনৰ নিৰ্মাণ কৰা বাবে বৰ্তমান পানী কমি গৈছে গাঁওকেইখনত। ইফালে অঞ্চলসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈ অসমৰ বানপানী নিয়ন্ত্ৰণত আছে। নদীৰ মাজৰ পৰা অবৈধ বালি খনন মাথাউৰি ভঙাৰ প্ৰধান কাৰণ বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে।
মথাউৰি ভঙা প্ৰসংগত জিলা আয়ুক্ত আৰু জলসম্পদৰ অভিযন্তাক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।
Also Read: কোকৰাঝাৰৰ জনাঞ্চললৈ ওলাই আহিছে দুষ্পাপ্য সোণালী বান্দৰ