মঙলদৈৰ সৰু ঠেকেৰাবাৰীত মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ...

মঙলদৈৰ সৰু ঠেকেৰাবাৰী বাঁহৰবেৰ চুবাত আজি দিনত এক লোমহৰ্ষক ঘটনা সংঘটিত হয়। গাওঁখনৰ জেবিআৰা বেগম (২০) নামৰ মহিলাগৰাকীৰ পেটত চুৰিৰে আঘাত কৰাত মহিলাগৰাকীৰ অকাল মৃত্যু ঘটে।

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ সৰু ঠেকেৰাবাৰীত মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ থানাৰ অন্তৰ্গত সৰু ঠেকেৰাবাৰী বাঁহৰবেৰ চুবাত মঙলবাৰে দিনত এক লোমহৰ্ষক ঘটনা সংঘটিত হয়। গাওঁখনৰ আমাদুল হকৰ পত্নী জেবিআৰা বেগম (২০) নামৰ মহিলাগৰাকীৰ পেটত চুৰিৰে আঘাত কৰাত মহিলাগৰাকীৰ অকাল মৃত্যু ঘটে।

Advertisment

দুবছৰ পূৰ্বে সৰু ঠেকেৰাবাৰীৰ মোল্লাপাৰা চুবুৰীৰ জহুৰুদ্দিন আহমেদৰ কন্যা জেবিআৰা বেগমক একে গাঁৱৰে বহনুৰ আলিৰ পুত্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আমাদুল হকে পলুৱাই নি বিয়া কৰাইছিল। তেওঁলোকৰ এটি ছমহীয়া কন্যা সন্তানো আছিল। 

কিন্তু ঘৰুৱা কাজিয়া-পেচালৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ প্ৰায় ১-৩০ বজাত জেবিআৰা বেগম নামৰ মহিলাগৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে। স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পাৰিবাৰিক সংঘাতৰ বাবে এনে ঘটনা সংঘটিত হ'বলৈ পাইছে। 

কিন্তু মহিলাগৰাকীয়ে নিৰ্যাতন সহিব নোৱাৰি নিজে চুৰিৰে পেটত হানি আত্মহত্যা কৰে নে স্বামীৰ পৰিয়ালে হত্যা কৰে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। মহিলাগৰাকী আঘাটপ্ৰাপ্ত হোৱাত ওচৰ চুবুৰীয়াই তেওঁক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা গুৰুতৰ দেখি চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

কিন্তু ইতিমধ্যে মহিলাগৰাকী মৃত্যু মুখত পৰে। মহিলাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা স্বামীয়ে হত্যা কৰা বুলি মঙলদৈ থানাত এজাহাৰ দিয়ে। আৰক্ষীয়ে ইতিমধ্যে স্বামী আমাদুল হকক আটক কৰা বুলি জানিব পৰা গৈছে।

মঙলদৈ