মঙলদৈ প্রেছ ক্লাবৰ উদ্যোগত দুদিনীয়া সাংবাদিক কর্মশালাৰ আয়োজন...

মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অহা ৮ আৰু ৯ এপ্ৰিল ২০২৫ ত মঙলদৈ ইউথ ক্লাব আৰু জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়, ৰামহৰিত জিলাখনৰ সাংবাদিকসকলৰ বাবে এখন কৰ্মশালা আয়োজন কৰা হৈছে।

author-image
Tushar Pratim
New Update
মঙলদৈ প্রেছ ক্লাবৰ উদ্যোগত দুদিনীয়া সাংবাদিক কর্মশালাৰ আয়োজন...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অহা ৮ আৰু ৯ এপ্ৰিল ২০২৫ ত মঙলদৈ ইউথ ক্লাব আৰু জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়, ৰামহৰিত জিলাখনৰ সাংবাদিকসকলৰ বাবে এখন কৰ্মশালা আয়োজন কৰা হৈছে। ১৯৯৪ চনতে গঠিত মঙলদৈ প্রেছ ক্লাব,  মঙলদৈৰ সাংবাদিকসকলৰ এক উমৈহতীয়া আৰু শক্তিশালি মঞ্চ।

Advertisment

উক্ত প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন সময়ত বিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক কাম কৰি অহাৰ সমান্তৰালভাৱে এইবেলি সাংবাদিকসকলৰ দক্ষতা বৃদ্ধি আৰু মান উন্নয়নৰ লক্ষ্যৰে জিলা ভিত্তিত এখনি সাংবাদিক কৰ্মশালাৰ আয়োজন কৰিছে। উক্ত কর্মশালাৰ সৈতে সংগতি ৰাখি বাতৰিকাকতৰ প্ৰচলন বৃদ্ধি আৰু পঢ়ুৱৈ বৃদ্ধিৰ লক্ষ্যৰে এখনি সজাগতামূলক আলোচনা চক্রও আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি ৮ এপ্ৰিল ২০২৫, মঙলবাৰে ৰাতিপুৱা ১০-০০ বজাত বন্তি প্রজ্জ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰিব দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক হেমন্ত বৰুৱাই। ১০.৩০ বজাত ‘বাতৰি কাকত পঢ়ো আহক’ শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰিব নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই।

এই আলোচনা চক্ৰখনত সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটী প্ৰেছ একাডেমীৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই।এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক অঞ্জন কুমাৰ শৰ্মা, কাকতখনৰ জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বৰ্মন নতুন দৌৰাঙ্গ কাকতৰ সম্পাদক শংকৰ কাকতি, দৰং জিলা পৰিষদ মূখ্য কাৰ্যবাহী বিষয়া মানস দাস, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল ৰাজবংশী, অসম মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, সমাজ সেৱক অমৰেন্দ্ৰ শর্মা, বৰকলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্রজেন্দ্র ডেকা, ডেকাৰ গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূমিধৰ ডেকা। 

আলোচনা চক্ৰত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব দৰং বিজেপিৰ সভাপতি মকুন্দ ডেকা। ৯ এপ্রিল বুধবাৰে ৰাতিপুৱা অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখন উদ্বোধন কৰিব ইউথ ক্লাব, মঙলদৈৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকাই।এই কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকিব তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড° অভিজিৎ বৰা, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা।

সেই দিনা দিনৰ ২-০০ বজাত অনুষ্ঠিত হ'ব সামৰণি আৰু প্ৰমাণপত্ৰ বিতৰণ অনুস্থান। এই সামৰণি আৰু প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ সঞ্চালনা কৰিব মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতিয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিধায়ক বসন্ত দাস, পৌৰপতি নির্মালী দেৱী শৰ্মাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মঙলদৈ উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ প্রতাপ বৰদলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ভবেশ কাকতি, অসম বার্তাজীবী সংঘৰ প্ৰচাৰ সম্পাদক অখিল কলিতা।

উক্ত কর্মশালাত জিলাখনৰ প্ৰতিটো প্ৰান্তৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰিব বুলি মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতি আৰু সম্পাদক লক্ষীনন্দন কলিতাই জানিবলৈ দিয়ে।

মঙলদৈ