মঙলদৈত ভূ-মাফিয়াৰ দপদপনি, বলপূৰ্বকভাৱে খেতিৰ মাটি দখললৈ নিয়াৰ অভিযোগ

মঙলদৈত ভূমাফিয়াৰ দপদপনি ৷ মঙলদৈত নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত বাইপাছৰ গইনা লৈ থলুৱা ৰাইজৰ কৃষি ভূমি দখল একাংশৰ

author-image
Asomiya Pratidin
New Update
মঙলদৈত ভূ-মাফিয়াৰ দপদপনি, বলপূৰ্বকভাৱে খেতিৰ মাটি দখললৈ নিয়াৰ অভিযোগ

ডিজিটেল ডেস্কঃ মঙলদৈত ভূমাফিয়াৰ দপদপনি ৷ মঙলদৈত নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত বাইপাছৰ গইনা লৈ থলুৱা ৰাইজৰ কৃষি ভূমি দখল একাংশৰ ৷ ভয় ভাবুকিৰে সাধাৰণ কৃষক ৰাইজৰ শ শ বিঘা ভূমি দখল কৰে এটা চক্ৰই।

Advertisment

বাইপাছৰ বাবে মাটি ব্যৱহাৰ কৰাৰ অচিলাৰে মঙলদৈৰ গেৰিমাৰী গাঁৱৰ কৃষক ৰাইজৰ বিগত বছৰ বছৰ ধৰি খেতি বাতি কৰি অহা প্ৰায় ১৫০ বিঘা মাটি ভূ-মাফিয়াই দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ গেৰিমাৰী গাঁৱৰ দৰিদ্ৰ কৃষক ৰাইজক ভূ-মাফিয়াৰ দল এটাই ভয় ভাবুকিৰে এই বৃহৎ ভূমি দখল কৰাৰ অভিযোগ তুলিছে কৃষক ৰাইজে ৷

আনকি সদ্যসমাপ্ত বিজয়া দশমীত গাওঁবাসী পূজাত ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি ভূ-মাফিয়া বিজয় ৰাজভৰ, অচ্ছলাল সিং ৰ নেতৃত্বত যোৱা দলটোৱে জেচিবি লগাই গছ গছনি উভালি পেলোৱাৰ লগতে খেতি নষ্ট কৰাৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী ৰাইজে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷

কৃষক ৰাইজৰ অভিযোগ অনুসৰি মঙলদৈ ৰাজহচক্ৰ কাৰ্যালয়ৰ লাট মণ্ডলো জড়িত আছে ভূ-মাফিয়া সকলৰ মাটি দখল কাৰ্যত ৷ অতি শীঘ্ৰে প্ৰশাসনে দালালৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নল'লে ঘটনাস্থলীত ৰাইজে সংঘৰ্ষ কৰাৰ ভাবুকি দিছে প্ৰশাসনক।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে ভূ মাফিয়া তথা দালালৰ ওপৰত সততে আইনগত ব্যৱস্থা গ্ৰহন কৰি অহাৰ সময়তে মঙলদৈৰ এই কাণ্ডত কি ব্যৱস্থা গ্ৰহন কৰিব সেয়া হ'ব লক্ষ্যনীয়।

Also Read: অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক