শীতৰ মাজতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিক পিন্ধালে চুৱেটাৰ...

গোপীনাথ বৰদলৈ উদ্যান, মঙলদৈৰ এখন চৰকাৰী উদ্যান।এই উদ্যানখন বছৰৰ সৰহ দিন পৰিত্যক্ত অৱস্থাত থাকে। মাত্ৰ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ দিনা প্ৰশাসনে চুন, তেল সানি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত ফুলৰ মালা পিন্ধাই।

author-image
Asomiya Pratidin
New Update
শীতৰ মাজতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত পিন্ধালে চুৱেটাৰ...

ডিজিটেল সংবাদ মঙলদৈঃ গোপীনাথ বৰদলৈ উদ্যান, মঙলদৈৰ এখন চৰকাৰী উদ্যান।এই উদ্যানখন বছৰৰ সৰহ দিন পৰিত্যক্ত অৱস্থাত থাকে। মাত্ৰ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ দিনা প্ৰশাসনে চুন, তেল সানি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত ফুলৰ মালা পিন্ধাই।

এই পৰিত্যক্ত গোপীনাথ বৰদলৈ উদ্যানত থকা গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত শুকুৰবাৰে ৰাতিপুৱা দেখা গ'ল চুৱেটাৰ পিন্ধাই থোৱা অৱস্থাত। এই লৈ মঙলদৈৰ সৰৱ আলোচনা হোৱা দেখা যায়।

একাংশই ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতাগৰাকীৰ প্ৰতি অপমান নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে আন একাংশই এয়া আকৌ কোনো মানসিক বিকাৰগ্ৰস্ত অথচ কোমল অন্তৰৰ ব্যক্তিৰ কাম হ'ব বুলি সন্দেহ কৰিছে। অৱশ্যে প্ৰকৃততে কোনে এই কাম কৰিলে এতিয়াও অন্ধকাৰত। বিষয়টোৱে সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে। 

মঙলদৈ