/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-02/4ipkc8t3/dhan-2.jpg)
খেতিয়কক ৰাম ঠগন দিলে মঙলদৈৰ একাংশ নাৰ্চাৰীয়ে...
ডিজিটেল সংবাদ, মঙলদৈ: একাংশ নাৰ্চাৰীয়ে হোজা খেতিয়কক উন্নত বিজ সাৰৰ নামত ৰাম গঠন দি অহা নতুন কথা নহয়। তেনে এক ঘটনাই পুনৰ সংঘটিত হৈছে মঙলদৈ পকাবাঙি পাৰাত।
মঙলদৈৰ নিকতৱৰ্তী পকাবাঙিপাৰা গাওঁৰ জীতেন ডেকাই নাৰ্চাৰীৰ পৰা ধানৰ বীজ কিনি আনিছিল ঠিকেই। আনকি পথাৰত ধানৰ গছ বোৰ লহপহকৈ বাঢ়ি অহা দেখিও আনন্দ পাইছিল জীতেন ডেকাই।
পিছে ধান পকাৰ পিছত চোতালত ধানসমূহ মৰনা মাৰি মূৰে কপালে হাত দিবলগীয়া হ'ল কৃষক জীতেন ডেকাই। কাৰণ ধানৰ ঠাইত বেছি ভাগেই পতান।
খেতি কৰিয়েই তিনিটা পৰিয়াল পোহপাল দিয়া জীতেন ডেকাই ধানৰ অৱস্থা দেখি নাৰ্চাৰীখনত ধানৰ বীজৰ কথা ক'বলৈ গ'ল যদিও নাৰ্চাৰীৰ স্বতাধিকাৰীয়ে কোম্পানীৰ কথা কৈ দায় সামৰিলে। কৃষকৰ উন্নয়নৰ ধাক ঢোল বজোৱা চৰকাৰে এনেবোৰ ধানৰ বীজ যোগান ধৰা কোম্পানী সমূহক নাকি লগাব পাৰিবনে সেয়ে হ'ব লক্ষ্যণীয়।
Also Read: ডি বি ষ্টক ব্ৰকিঙৰ হায়দৰাবাদৰ কাৰ্যালয়ৰ মেনেজাৰক গ্ৰেপ্তাৰ...