/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1071bc59-e216-4234-936c-76584124108f/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ বুধবাৰে মঙলদৈৰ ভেৱাৰঘাট বাছ আস্থানত দেখিবলৈ পোৱা গ'ল বাটৰ নাট। বাল্য বিবাহ তথা শিশু নিৰ্যাতন বন্ধ কৰাৰ বাবে সজগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰদৰ্শন কৰা হয় এই বাটৰ নাটখনি। জিলা শিশু সুৰক্ষা বিষয়াৰ প্ৰয়াসত অয়োজিত এই নাটকত কেইবাজনো স্থানীয় শিল্পীয়ে অংশগ্ৰহণ কৰে।
দৰং জিলা শিশু সুৰক্ষা বিষয়া আৰু উন্নয়ন মঞ্চ দৰঙৰ সহযোগত প্ৰদৰ্শন বাটৰ নাটখনি উপভোগ কৰি আপ্লুত হয় স্থানীয় ৰাইজ। দেশৰ লগতে ৰাজ্যতে বৃদ্ধি হোৱা শিশু শ্ৰমিক তথা বাল্য বিবাহৰ বাবে স্থানীয় ৰাইজক সচেতন কৰাৰ প্ৰয়াস কৰে শিল্পীসকলে। এই ক্ষেত্ৰত সন্মুখীন হ'ব পৰা ভয়াৱহতাৰ কথা উল্লেখ কৰি ৰাইজক সচেতন হ'বলৈ আহ্বান জনায়। উল্লেখ্য এই সন্দৰ্ভত ৯০ প্ৰচাৰৰ আয়োজন কৰিছে দৰং জিলা শিশু সুৰক্ষা বিষয়া আৰু উন্নয়ন মঞ্চই।
Also Read: চাপৰ-শালকোচা শিক্ষা খণ্ডত চৰকাৰী ধন হৰলুকিৰ চেষ্টা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us