মঙলদৈ গ্ৰন্থমেলাৰ ষষ্ঠ দিনত সাংবাদিকসহ ৩০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা...
মঙলদৈ গ্ৰন্থমেলাৰ ষষ্ঠ দিনত সাংবাদিকসহ ৩০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা...

মঙলদৈ গ্ৰন্থমেলাৰ ষষ্ঠ দিনত সাংবাদিকসহ ৩০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা...

ডিজিটেল সংবাদ মঙলদৈঃ'সাংবাদিকসকল যে কেৱল বাতৰি পৰিবেশন কৰাতে ব্যস্ত থাকিব লাগে এনে নহয়। তেওঁলোকে বিভিন্ন সময়ত সামাজিক কামতো নিজকে জড়িত কৰি সমাজখনক এখোজ আগবঢ়াব পাৰিলে ভাল হয়।'-এই মন্তব্য যুৱ সাংবাদিক ৰাজীৱ গগৈৰ।

মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত মঙলদৈ গান্ধী ময়দানত যোৱা ২০ ডিচেম্বৰৰ পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত তৃতীয় বাৰ্ষিক 'মঙলদৈ গ্ৰন্থমেলা-২০২৩' ৰ সোমবাৰৰ ষষ্ঠ দিনাৰ অন্যতম কাৰ্যসূচী সাংবাদিক, লেখক আৰু বিশিষ্ট নাগৰিকৰ অন্তৰঙ্গ অনুষ্ঠানত সাংবাদিকগৰাকীয়ে কয় যে, সাংবাদিকসকলে সাহিত্য চৰ্চা বা সামাজিক দায়বদ্ধতা পালন কৰি আহিছে তাৰে এক উদাহৰণ মঙলদৈ প্ৰেছ ক্লাব।

মঙলদৈ প্ৰেছ ক্লাবে বিগত দুটা বছৰৰ দৰে এইবেলিও যি বিশাল আয়োজনেৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰিছে সেয়াই হৈছে সামাজিক দায়বদ্ধতাৰ এক জলন্ত নিদৰ্শন। মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানটি উদ্বোধন কৰে দৰং জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া সমীৰ চাণ্ডিল্যই।

অনুষ্ঠানত 'দৈনন্দিন বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক ভূপেন মহন্ত, আপকুৰ মুখ্য উপদেষ্টা আব্দুল খালেক, মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত, মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা সুলেখিকা বৰ্ণালী কলিতা, মঙলদৈ মহাঋষি বিদ্যা মন্দিৰৰ অধ্যক্ষ হেমন্ত পায়েং, উপাধ্যক্ষ প্ৰদীপ শৰ্মা, মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট ৰক্তদাতা হৰিমন ডেকা, গুৱাহাটী প্ৰেছ ক্লাবৰ বিত্ত সম্পাদক মুনীন্দ্ৰ ডেকা, দৰং জিলা বাৰ্তজীৱি সংঘৰ সভাপতি প্ৰদীপ ঘোষ, বিবেকানন্দ কেন্দ্ৰ মঙলদৈৰ সম্পাদক হংস ডেকা আদিৰ ৰসাল বক্তব্যই অনুষ্ঠানটো অধিক মনোগ্ৰাহী কৰি তোলে।

এই অনুষ্ঠানতেই 'নিউজ লাইভ'ৰ লখীমপুৰৰ সাংবাদিক তপন ভূঞাক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতেই মঙলদৈ গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সঞ্চালনাত দৰঙৰ বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিসকলৰ অনুষ্ঠান 'দৰং জ্যোতি' অনুষ্ঠানত 'নিয়মীয়া বাৰ্তা' কাকতৰ উপ-সম্পাদক অজিত চহৰীয়া, 'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ সাংবাদিক ৰতন হাজৰিকাক মাণপত্ৰ, গামোচা, অংগবস্ত্ৰ আৰু এটা স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।

অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° চাহাবুদ্দিন আহমেদ, অৱসৰী অধ্যাপক শশীন চহৰীয়া, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, মঙলদৈৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা আদি উপস্থিত থাকে।

এই অনুষ্ঠানত দৰঙৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা সফল ব্যক্তিসকল ক্ৰমে তুলসী শইকীয়া, তীৰ্থ নাথ শৰ্মা, শশাংক হাজৰিকা, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, শেখৰ মজুমদাৰ, অনিৰ্বান দত্ত, ভাস্কৰজ্যোতি কলিতা, বিশ্বজ্যোতি শৰ্মা, ভানু ডেকা চহৰীয়া, ডাঃ চেলিমা চিদ্দিকা, পুতুলী হাজৰিকা, দুলুমণি কলিতা, বিশ্বজ্যোতি শৰ্মা, দেৱব্ৰত শৰ্মা, শোভন চন্দ্ৰ শৰ্মা, ৰূপশিখা শালৈ, জিন্তুমণি কলিতা, হিতেশ হাজৰিকা, কৃষ্ণেন্দু ডেকা, লক্ষ্যজ্যোতি দাস, ৰীনা ডেকা, ভনীতা কটকী কলিতা, ধৰণীধৰ নাথ, জিতুমণি চহৰীয়া, দীপাংকৰ কলিতা, ডিষ্ণা জে আৰ চন্দ আৰু ৰুমু বড়োক সম্বৰ্ধনা জনোৱা হয়।

মঙলদৈ গ্ৰন্থমেলাৰ ষষ্ঠ দিনত সাংবাদিকসহ ৩০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা...
এতিয়াৰে পৰা নাবালিকাক ধৰ্ষণ কৰিলে মৃত্যুদণ্ড, পথ দুৰ্ঘটনা কৰিলে ১০ বছৰৰ কাৰাদণ্ড...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in