প্ৰস্তুতি সম্পূৰ্ণঃ বুধবাৰৰ পৰা মঙলদৈ গ্ৰন্থ মেলা...

প্ৰস্তুতি সম্পূৰ্ণঃ বুধবাৰৰ পৰা মঙলদৈ গ্ৰন্থ মেলা...

author-image
Asomiya Pratidin
New Update
মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

ডিজিটেল সংবাদ মঙ্গলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত,অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব মঙলদৈ গ্ৰন্থ মেলা।অসমৰ বহু কেইগৰাকী, সাংবাদিক, বুদ্ধিজীৱী, সাহিত্যিক, ৰাজনৈতিক ব্যক্তিয়ে এই গ্ৰন্থ মেলাত বক্তব্য প্ৰদান কৰিব।

Advertisment

তৃতীয় বৰ্ষত ভৰি দিয়া মঙলদৈ গ্ৰন্থ মেলাত এইবাৰ গ্ৰন্থৰ বিপনী বাঢ়িছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থৰ বিপনী এই গ্ৰন্থ মেলাত অংশগ্ৰহণ কৰাৰ উপৰিও কলিকতাৰ গ্ৰন্থ বিপনীয়েও অংশগ্ৰহণ কৰে।

বুধবাৰে বিয়লি ৩-৩০ বজাত উদ্বোধন হ'ব মঙলদৈ গ্ৰন্থ মেলা। উল্লেখযোগ্য যে, বুধবাৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ বিশিষ্ট কন্ঠশিল্পী অনুপম শইকীয়াই। মঙলদৈ গ্ৰন্থ মেলাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলক মোবাইলৰ পৰা আতৰাই ৰাখি গ্ৰন্থৰ সুবাস দিয়া।

Also Read: অমৃত কালত এটা ৰাজহুৱা শৌচালয় বিচাৰি ৰাইজৰ হাহাকাৰ...

মঙলদৈ গ্ৰন্থ মেলা