পুত্ৰ হত্যাৰ ন্যায় বিচাৰি প্ৰশাসনিক বিষয়াৰ দুৱাৰে দুৱাৰে দুৰ্ভগীয়া পিতৃ...

পুত্ৰ হত্যাৰ ন্যায় বিচাৰি প্ৰশাসনিক বিষয়াৰ দুৱাৰে দুৱাৰে দুৰ্ভগীয়া পিতৃ...

author-image
Asomiya Pratidin
New Update
পুত্ৰ হত্যাৰ ন্যায় বিচাৰি প্ৰশাসনিক বিষয়াৰ দুৱাৰে দুৱাৰে দুৰ্ভগীয়া পিতৃ...

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া প্ৰশাসনিক বিষয়াৰ দুৱাৰে দুৱাৰে টুকুৰিয়াইছে ভৱেশ ডেকাৰ পিতৃয়ে। প্ৰায় ডেৰমাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত ন্যায় নোপোৱাৰ অভিযোগ কৰিছে মৃতকৰ পৰিয়ালে ৷

Advertisment

উপায়ন্তৰ হৈ আজি দৰং জিলাৰ বিভিন্ন দল সংগঠনৰ সহযোগত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ন্যায় বিচাৰি পুনৰ আবেদন জনাই ভৱেশ ডেকাৰ পিতৃয়ে। উল্লেখযোগ্য যে, দৰং আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি পুত্ৰৰ হত্যাকাণ্ডত জৰিত থকা ৩ জন ছাত্ৰ আজিও মুক্ত আকাশৰ তলত ঘূৰি ফুৰা বুলি ক্ষোভ উজাৰে ভৱেশৰ পিতৃয়ে।

উল্লেখ্য যে, ২৩ ছেপ্তেম্বৰত দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলত সতীৰ্থ ছাত্ৰৰ এটা দলে মিলি নৱম শ্ৰেণীৰ ছাত্ৰ ভবেশ ডেকাক শ্ৰেণী কোঠাৰ ভিতৰত হত্যা কৰাৰ অভিযোগ কৰিছিল পৰিয়ালে। আজি পুত্ৰৰ ন্যায় বিচাৰি অহা পিতৃক সহযোগ কৰে বীৰ লাচিত সেনা, কোচ ৰাজবংশী ছাত্ৰ সন্মিলন, ছাত্ৰ সন্থাৰ লগতে কেইবাটিও দল সংগঠনে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, যদি ছাত্ৰ ভবেশ ডেকাই ন্যায় নাপাই তেন্তে ৰাজপথত আন্দোলন কৰিবলৈও সাজু বুলি ক্ষোভ প্ৰকাশ কৰে দল সংগঠনৰ নেতৃত্বই।

Also Read: ধেমাজীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এয়োদশ বাৰ্ষিক মৃত্যু তিথি উদযাপন

Mangaldai student murder