নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল তীব্ৰবেগী বাহন...

মঙলদৈ বেজপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনাতো।

author-image
Asomiya Pratidin
New Update
নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল তীব্ৰবেগী বাহন...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ বেজপাৰাত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে।

মঙলদৈৰ পৰা বেজপাৰা অভিমুখী তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পুখুৰীত বাগৰি পৰে। বাহনৰ ভিতৰৰ পৰা স্থানীয় ৰাইজে এজন যুৱক আৰু এগৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুয়োগৰাকী যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰশাসনে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে দুয়োকে। অৱশ্যে বৰ্তমানলৈকে দুয়োৰে পৰিচয় উদ্ধাৰ হোৱা নাই।

আনহাতে পৰৱৰ্তী সময়ত এক্সকেভেটৰৰ সহায়ত বাহনখন উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Also Read: পথ নিৰ্মাণৰ নামত ধেমাজিত ২৪ কোটি ১৫ লাখ ১৭ হাজাৰ টকাৰ কেলেংকাৰী

road accident