/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/j5xa5qmw/4.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈবৃহস্পতিবাৰে মঙলদৈতঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।
এই ধৰ্ণা কাৰ্য্যসূচী জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা আৰম্ভ কৰিছিল যদিও জিলা প্ৰশাসনে জিলা পুথিভঁৰালৰ সন্মুখতেই বাধা প্ৰদান কৰে। প্ৰায় অৰ্ধ শতাধিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰক,অসম চৰকাৰ হায় হায়, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে।
এই ধৰ্ণা কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি ভবেশ কাকতি, উপদেষ্টা কমৰুল হক, দৰং জিলা সমিতিৰ সভাপতি পংকজ ডেকা, সম্পাদক দুলেন ডেকাৰ লগতে অৰ্ধ শতাধিক যুৱ ছাত্ৰ পৰিষদৰ সদস্যই অংশগ্ৰহণ কৰে।
Also Read: বঢ়মপুৰৰ বৰবাৰীত শিক্ষানুষ্ঠানৰ সন্মুখতে দশম শ্ৰেণীৰ ছাত্ৰক লোহাৰ ৰ'ডৰে প্ৰহাৰ