২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব মঙলদৈ গ্ৰন্থমেলা ২০২৩, প্ৰস্তুতি সম্পূৰ্ণ

২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব মঙলদৈ গ্ৰন্থমেলা ২০২৩, প্ৰস্তুতি সম্পূৰ্ণ

author-image
Asomiya Pratidin
New Update
২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব মঙলদৈ গ্ৰন্থমেলা ২০২৩, প্ৰস্তুতি সম্পূৰ্ণ

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ প্রেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাৰ সহযোগত অহা ২০-২৬ ডিচেম্বৰত হ'ব মঙলদৈ গ্রন্থমেলা ২০২৩। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

Advertisment

মঙলদৈ গান্ধী ময়দানত সাতদিনীয়াকৈ হ'বলগীয়া এই গ্রন্থমেলাৰ দ্বাৰ ২০ ডিচেম্বৰৰ বিয়লি তিনি বজাত মুকলি কৰিব মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে। সাংসদ তথা গ্রন্থমেলা উদ্যাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ শইকীয়াৰ সভাপতিত্বত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্রী ড সূর্যকান্ত হাজৰিকা, বি টি চিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা বিধায়ক ড পৰমানন্দ ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, পদ্মশ্ৰী ডাঃ সর্বেশ্বৰ চহৰীয়া, আদি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

উদ্বোধনী অনুষ্ঠানত কেইবাখনো গ্রন্থ উন্মোচন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী অনুপম শ‌ইকীয়া আৰু মৌৰুচি বৰাৰ অনুষ্ঠান উদ্বোধন কৰিব দৰং জিলা পৰিষদৰ মুখ্য কার্যবাহী মানস দাসে।

২১ ডিচেম্বৰত বিশিষ্ট কবি ড' হৃদয়ৰঞ্জন দাসৰ সঞ্চালনাত হ'বলগীয়া কবি সম্মিলন উদ্বোধন কৰিব কবি, গীতিকাৰ ঔপন্যাসিক মণিকুন্তলা ভট্টাচার্যই। কবি সন্মিলনত অসমৰ বহু কেইজন বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰিব।

২২ডিচেম্বৰৰ আবেলি দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া সাহিত্য সন্মিলনত উদ্ধোধন কৰিব অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক অজিৎ প্ৰসাদ শৰ্মাই অংশগ্ৰহণ কৰিব। ২৩ ডিচেম্বৰত দৰঙৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী মহিলা সকলৰ সন্মিলন অনুষ্ঠিত হ'ব।

২৪ ডিচেম্বৰত পুৱা ডা অৰবিন্দ ডেকাই চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু ছিপাঝাৰ ৰাজহ চক্র বিষয়া কমলজিৎ শৰ্মাই কুইজ প্রতিযোগিতা উদ্বোধন কৰিব। দৰঙৰ বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিসকলক লৈ হ'বলগীয়া দৰংজ্যোতি' অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই। বিয়লি নবীন-প্রবীণ লেখকৰ গ্রন্থ উন্মোচন হ'ব।

সন্ধিয়া বিধায়ক বসন্ত দাসে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব। ২৫ ডিচেম্বৰত লোকনির্মাণ বিভাগৰ অবসবপ্রাপ্ত মুখ্য অভিযন্ত্র জ্যোতিষ শর্মাই ব্যাসৰ ওজাপালি প্রতিযোগিতা উদ্বোধন কৰিব।

মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্র বৰুৱাৰ সঞ্চালনাত হ'বলগীয়া সাংবাদিক, লেখক আৰু বিশিষ্ট নাগৰিকৰ অন্তৰংগ আলাপ অনুষ্ঠান জিলা তথ্য আৰু জনসংযোগ বিষয়া সমীৰ শাণ্ডিল্যই উদ্বোধন কৰিব। এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক তপন ভূঞা, অজিত চহৰীয়া আৰু ৰতন হাজৰিকাক সম্বর্ধনা জনোৱা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব যুব নেতা জৌশ্রাং বড়োয়ে।

২৬ ডিচেম্বৰৰ দিনৰ এঘাৰ বজাত আমাৰ মঙলদৈ, আমাৰ সপোন' শীর্ষক আলোচনাচক্র প্রাক্তন সাংবাদিক হৰেন কলিতাই সঞ্চালনা আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা অমৰেন্দ্ৰ নাৰায়ণ দেৱে উদ্ধোধন কৰিব। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰিব শিক্ষাবিদ ড' নগেন্দ্র নাথ শর্মাই। বিয়লি দুই বজাত গ্রন্থমেলা উদযাপন সমিতিৰ সভাপতি, সাংসদ দিলীপ শইকীয়াৰ সভাপতিত্বত হ'বলগীয়া সামৰণী অনুষ্ঠান উদ্বোধন কৰিব শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ডা ধ্ৰুৱ জ্যোতি বৰাই, বিশিষ্ট সাংবাদিক লুইত নীল ডনে স্মৃতিগ্রস্থ উন্মোচন কৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট চিকিৎসক ইলিয়াছ আলী, চলচ্চিত্র পৰিচালক সমৰেন্দ্র নাৰায়ন দেব, গীতিকাৰ ইদ্রিছ আলী, জলসিঞ্চন বিভাগৰ অবসবপ্রাপ্ত সচিব হৰেন কাকতি, অবসৰপ্রাপ্ত কৃতী শিক্ষক শৈলেন্দ্র কুমাৰ চহৰীয়া আৰু সমাজসেবক আবুল হুছেইনক সম্বর্ধনা জনোৱা হ'ব।

সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান দৰং জিলাৰ আয়ুক্ত দুর্নীন্দ্র নাথ ঙাটে উদ্বোধন কৰিব। গ্ৰন্থ মেলাৰ সমুহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ উৎযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা,সম্বনয়ক মুকুট ৰাজ শৰ্মা, মূখ্য সম্পাদক ৰাজীৱ কুমাৰ ডেকা আৰু সম্পাদক লক্ষীনন্দন কলিতাই আশা কৰিছে।

Also Read: কাক দিব নেতৃত্ব, কোনে পাব কেইখন আসন! আজি দিল্লীত বিৰোধী মৰ্চা ইণ্ডিয়াৰ বৈঠক