বিপাঙত বিহু সমিতি! এতিয়ালৈকে পোৱা নাই চৰকাৰৰ ১.৫ লাখ টকা, ধাৰ মাৰিবলৈ বিক্ৰী কৰিব পোহনীয়া গৰু...

১১৯৬ বিহুৱা বিহুৱতীক ২৫ হাজাৰকৈ টকা দিয়া চৰকাৰে দৰঙৰ ১১২ খন বিহু সমিতিক ধন দিয়াত ব্যৰ্থ । ধাৰ মাৰিবলৈ সম্পাদকে বিক্ৰী কৰিব পোহনীয়া গৰু।

author-image
Asomiya Pratidin
New Update
বিপাঙত বিহু সমিতি! এতিয়ালৈকে পোৱা নাই চৰকাৰৰ ১.৫ লাখ টকা, ধাৰ মাৰিবলৈ  বিক্ৰী কৰিব পোহনীয়া গৰু...

ডিজিটেল সংবাদ, মঙলদৈঃ ১১৯৬ বিহুৱা বিহুৱতীক ২৫ হাজাৰকৈ টকা দিয়া চৰকাৰে দৰঙৰ ১১২ খন বিহু সমিতিক ধন দিয়াত ব্যৰ্থ । ধাৰ মাৰিবলৈ সম্পাদকে বিক্ৰী কৰিব পোহনীয়া গৰু।

Advertisment

আচৰিত হ'লেও সত্য; বহাগ মাহ কেতিয়াবাই পাৰ হ'ল। তথাপিও দৰং জিলাৰ ১১২ খন বিহু সমিতিয়ে আজিলৈ চৰকাৰৰ ঘোষিত ১.৫ লাখ টকাকৈ নোপোৱাত বিহু উদযাপন সমিতিৰ বিষয়ববীয়া সকল বিপাঙত পৰিছে। মাইক, লাইট, পেণ্ডেল, গেলামাল দোকানী আদিয়ে ধন বিচাৰি সমিতিৰ বিষয়ববীয়া সকলৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ বাধ্য হৈছে।

কিছুমানে সমিতিৰ বিষয়ববীয়াক গুৱালগালিও দিছে যদিও বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই সেই গালি, গঞ্জনা মূৰপাতি লৈ কেইদিনমান ৰ'বলৈ কাকূতি মিনতি কৰিবলগীয়াত পৰিছে। জানিব পৰা মতে, দৰং জিলাৰ ১৩০ খন বিহু সমিতিৰ ভিতৰত ১৮ খন বিহু সমিতিক দৰং জিলা প্ৰশাসনে কোনো ধৰণৰ ধনৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ নোলোৱাকৈ ডেৰ লাখকৈ টকা ব'হাগৰ আৰম্ভণিতে প্ৰদান কৰাত ধন পাবলৈ ৰৈ গৈছিল ১১২ খন বিহু উদযাপন সমিতি।

এই সমিতি কেইখনে ধন পাব পাব বুলি ভাবি বাকীত আৰু ঋণ লৈ বিহু উদযাপন কৰিলে যদিও আজিলৈ ফুটাকড়ি এটাও নাপালে। অথচ বিহু উদযাপন কৰি তেওঁলোকে ফটো, ব্যৱহাৰিক প্ৰমাণ পত্ৰ জিলা প্ৰশাসনক জমা দিছে। চৰকাৰৰ ঘোষিত ডেৰ লাখ টকা বিচাৰি এই সমিতি সমূহে উপায়ুক্ত, মুখ্যমন্ত্ৰী, বিধায়ক, সাংসদ আদিক স্মাৰক পত্ৰ দিছে যদিও আজিলৈ ধন নোপোৱাত দুঃচিন্তাত পৰিছে বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকল।

মঙলদৈ বিধান সভা সমষ্টিৰ বৰথেকেৰাবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত যোৱা ৩০ চ'ত, ১, ৭ আৰু ৮ ব'হাগত অনুষ্ঠিত ৫৪ সংখ্যক ৰঙিলী বিহু উদযাপন সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াই ক্ষোভেৰে কয়, বিহু পাতিবলৈ চৰকাৰে ডেৰ লাখ টকাকৈ দিব বুলি কোৱাৰ লগতে দান বৰঙণি সংগ্ৰহত বাধা আৰোপ কৰাত আমি ৰাইজৰ পৰা দান বৰঙণি নলৈ বিহু পাতিলো। বৰথেকেৰাবাৰী শংকৰদেৱ হাইস্কুল খেলপথাৰত চাৰিদিনীয়াকৈ পতা এই বিহুত খৰচ হৈছিল ১,৭৫,৫৬২ টকা।

চৰকাৰৰ ডেৰ লাখ টকাৰ ওপৰিঞ্চি খৰছ হোৱা ধনখিনি সমিতিৰ বিষয়ববীয়াই বহন কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু আজিলৈ চৰকাৰৰ ধন নোপোৱাত বিপাঙত পৰিছে সমিতিখন। নিতৌ ধন বিচাৰি বিশেষকৈ সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াৰ ঘৰলৈ লাইট, টেণ্ট, চাউণ্ড, গেলামালৰ দোকানী আদি আহিবলৈ ধৰাত উপায়ন্তৰ হৈ তেওঁ পোহনীয়া গৰু বিক্ৰী কৰি ধাৰ মাৰিবলৈ সংকল্প লোৱাৰ কথা এই প্ৰতিবেদকৰ আগত ব্যক্ত কৰিছে।

অহা শুকুৰবৰীয়া বঙলাগড় বজাৰত গৰু বিক্ৰী কৰিবলৈ মনস্থ কৰা সম্পাদক জনৰ প্ৰশ্ন- ১১৯৬ বিহুৱা বিহুৱতীক ২৫ হাজাৰকৈ টকা দিয়া চৰকাৰে দৰঙৰ ১১২ বিহু সমিতিক ধন দিয়াত ব্যৰ্থ হৈছে কিয়? ধন দিবলৈ অসমৰ্থ হ'লে আগতীয়াকৈ জনালেই আমি পূৰ্বৰ দৰে ৰাইজৰ দান বৰঙণিৰে বিহু উদযাপন কৰিলোহেঁতেন বুলি তেওঁ কয়।

Also Read: বিপদত মুখ্যমন্ত্ৰীৰ পদ!

himanta biswa sarma bihu