/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2f027cfc-323c-4fe2-a5ce-b78231f01c3d/DFDFDF.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ সদৰ থানা আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নিলগতে অবৈধ ভাবে ভূমি বেদখল এতিয়া দৈনন্দিন কাম যেন হৈ পৰিছে । জাতি মাতি ভেটি ৰক্ষাৰ স্বাৰ্থত দুবাৰকৈ শাসনৰ ভাৰ লোৱা বিজেপি চৰকাৰৰ দিনতেই দিনপোহৰত চৰকাৰী ভূমি বেদখল কৰাকলৈ স্থানীয় খিলঞ্জীয়া লোক এতিয়া নিৰাপত্তাহীনতাত ভুগিছে।
মঙলদৈৰ ভূমি সংৰক্ষণ বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি থকা গেৰিমাৰী গাঁওত মঙলদৈ সদৰ থানা আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত প্ৰায় ৫০ বিঘা মাটিত কোনোবা অচিনাকী লোকে দিন দুপৰতেই চৰকাৰী ভূমি বেদখল কৰি এফালৰ পৰা গৃহ নিৰ্মাণ কৰি গৈছে। এই অবৈধ ভাবে ভূমি বেদখল কৰা আৰু গৃহ নিৰ্মাণ কৰা কাৰ্যক কোনোৱেই কৰা বাধা কিম্বা সোধপোচ। অবৈধ বেদখল কাৰীৰ ওপৰত কোনোবা শক্তিশালী লোকৰ আৰ্শীবাদ আছে নেকি সেয়াও চিন্তনীয় বিষয় হৈ পৰিছে । এনে অবৈধ বেদখল কাৰীৰ বেদখল কাৰ্য্যক গৰিহণা দিয়াৰ লগতে এই কায্যৰ উচিত তদন্ত কৰি প্ৰশাশনে অতি সোনকালে বন্ধ কৰাৰ আহ্বান জনায় স্থানীয় লোকে।
Also Read: শ্বেখ হাছিনাৰ লগত কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে...