/asomiyapratidin/media/media_files/2025/02/27/A0vXXb35ui18hP5HYAHP.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ ধৰীয়া খাইটি চাপৰিত যৌতুকৰ দাবীৰে এগৰাকী বোৱাৰীক হত্যাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে ২ লাখ টকা যৌতুক হিচাপে দাবী কৰি সেই ধন নোপোৱাৰ বাবেই এগৰাকী বোৱাৰী হত্যাৰ বলি হ’বলগীয়া হৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি বুধবাৰে মঙলদৈৰ নিকটৱৰ্তী ধৰিয়া খাইটিৰ এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। বোৱাৰীগৰাকীৰ মৃতদেহ ৰছীৰে বান্ধি ওলমাই থোৱা অৱস্থাত আছিল।
হত্যাৰ বলি হোৱা বুলি অভিযোগ উঠা এই বোৱাৰীগৰাকীৰ নাম বাতাচি বেগম। উল্লেখ্য যে, মাত্ৰ চাৰিমাহৰ পূৰ্বে বাতাচিক নিকাহ কৰাইছিল আবুল হুছেইন নামৰ যুৱকজনে।
এই নিকাহৰ পাছতে আবুলে যৌতুকৰ দাবীৰে প্ৰায়ে পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। তাৰোপৰি বাতাচিৰ মৃত্যুৰ দুদিন পূৰ্বে আবুলে শহুৰেকলৈ ফোন কৰি ২ লাখ টকাৰ দাবী কৰাৰ অভিযোগ উঠিছে।
এই ধন নিদিলে পত্নী বাতাচিক হত্যা কৰিব বুলিও আবুলে ধমক দিছিল বুলি মুকলি অভিযোগ কৰিছে বাতাচিৰ পৰিয়ালৰ লোকে। তাৰ পাছতেই নৱবিবাহিত বাতাচিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এয়া এক হত্যাকাণ্ড বুলিয়েই মানি লৈছে পৰিয়ালৰ লোকে।
ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে ঘৰৰ পৰা পলায়ন কৰিছে অভিযুক্ত আবুল হুছেইন। পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পলাতক আবুলক বিচাৰি অভিযান আৰম্ভ কৰিছে। পৰিয়ালৰ লোকে আবুলৰ কঠোৰ শাস্তিও দাবী কৰিছে।
আনহাতে বুধবাৰে নিশাই আৰক্ষীয়ে দুৰ্ভগীয়া বাতাচি বেগমৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু পৰৱৰ্তী সময়ত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।