মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নেহা হাজৰিকাই...

মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নেহা হাজৰিকাই

author-image
Asomiya Pratidin
New Update
মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নেহা হাজৰিকাই...

ডিজিটেল সংবাদ,মঙলদৈঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত উজলি উঠিছে মঙলদৈৰ ছাত্ৰী স্নেহা হাজৰিকা। ছাত্ৰীগৰাকীয়ে লাভ কৰিছে ৯৬.৮০ শতাংশ নম্বৰ।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে নগাঁও ৰামানুজনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে স্নেহা হাজৰিকা। কৃতি ছাত্ৰীগৰাকীৰ সাফল্যত মহাবিদ্যালখনৰ লগতে জন্মস্থান মঙলদৈত উঠিছে আনন্দৰ জোৱাৰ।

কৃতী ছাত্ৰী স্নেহা হাজৰিকা মঙলদৈ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকা আৰু শান্তিপুৰ ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী পুৰ্ণিমা হাজৰিকাৰ কন্যা। স্নেহাই  ইংৰাজীত ৯৫ ,মাতৃভাষা(Alte Eng)ত ৯৭, ভূগোলত ৯৮,শিক্ষাত ৯৬,সমাজতত্ব বিজ্ঞানত ৯৬ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ৯৮ নম্বৰেৰে মুঠ ৪৮৪ নম্বৰ লাভ কৰিছে।

Also Read: সদৌ অসম গৰাইত সমাজৰ ৩০সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

HS RESULTS 2024 AHSEC mangaldai hs exam