/asomiyapratidin/media/media_files/2025/03/28/uhjpNiQUHMqv8dBr5wYF.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ জ্ঞান বিজ্ঞান সমিতি অসমৰ ২১ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখন মঙলদৈ মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈ আছে। শুকুৰবাৰে সমাৰোহৰ দ্বিতীয় দিন।
৩০ মাৰ্চলৈ চলিবলগীয়া সমাৰোহৰ আজিৰ কাৰ্যসূচীসমূহ আছিল পুৱাৰ আহাৰ গ্ৰহণৰ পিছতে ৮-৩০ বজাত সামূহিক সন্মিলন। ইয়াৰ পাছত সমাৰোহৰ মূল বিষয়সমূহ নিৰ্দিষ্ট কোঠাসমূহত এদল পাৰদৰ্শী শিক্ষকৰ পৰিচালনাত শিকন কোণসমূহ পৰিচালিত হয়।
অংক, বিজ্ঞান, অৰিগামি, কল্পনা আৰু সৃষ্টি, জ্যোৰ্তি বিজ্ঞান, গীত আৰু নাট, পৰিবেশ অধ্যয়ন এই সাতটা বিষয় কৰ্ণাৰসমূহত হাতে কামে আৰু আনন্দৰ মাজেৰে পাৰদৰ্শী শিক্ষকসকলে উপস্থাপন কৰে। আনহাতে সমান্তৰাল কাৰ্যসূচী হিচাপে চলি আছে বিজ্ঞানৰ মডেল প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, বিজ্ঞান সংগ্ৰাহালয়ৰ সৌজন্যত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী ।
১১ বজাত সমান্তৰালভাৱে ছায়েন্স গেলেৰীত অসম বিজ্ঞান সমিতি, মঙলদৈ শাখাৰ সৌজন্যত অনুষ্ঠিত হয় বিজ্ঞান প্ৰসাৰত ডিজিটেল মাধ্যমৰ প্ৰয়োগ প্ৰকল্পৰ অধীনত সজাগতামূলক এক অনুষ্ঠান । জ্ঞান বিজ্ঞান সমিতি, দৰং জিলাৰ উপ সভাপতি ড০ শচীন চহৰীয়াৰ সঞ্চালনাত ছিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিব্যজ্যোতি শইকীয়া আৰু মঙলদৈ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিভাগৰ মুৰব্বী অধ্যাপক ড০ দীপ জ্যোতি কলিতা আলোক হিচাপে উপস্থিত থাকি বিজ্ঞান জনপ্ৰিয়কৰণত বিজ্ঞান প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ সম্পৰ্কত দৃশ্য শ্ৰাব্য মাধ্যমেৰে ফলপ্ৰসু বক্তব্য আগবঢ়ায়।
আলোচনা চক্ৰত অতিথি হিচাপে উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস। এই অনুষ্ঠানতে এছ আৰ ডি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক মুকুল চন্দ্ৰ ডেকাও উপস্থিত থাকি দুআষাৰ বক্তব্য আগবঢ়ায়। ৩-৩০ বজাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰাই শিশুসকলৰ সৈতে মত বিনিময় কৰে।
ইয়াৰ পাছত শিশুসকলৰ মাজত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি উদ্বোধন কৰে জিলা সমিতিৰ উপ সভাপতি ড০ বুদ্ধিন চন্দ্ৰ হাজৰিকাই। মঙলদৈ মহাবিদ্যালয় আৰু দৰং জিলা জ্ঞান বিজ্ঞান সমিতিৰ যুটীয়া উদ্যোগত আৰু অসম বিজ্ঞান সমিতি, মঙলদৈ শাখাৰ সহযোগত আয়োজিত এই সমাৰোহত জিলাখনৰ বাহিৰৰ শিশুৱে ধৰি তিনি শতাধিক শিশুৱে অংশগ্ৰহণ কৰিছে।
মূলতঃ শিশু সকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সৃষ্টিশীলতা, কল্পনাশক্তিৰ বিকাশ সাধন কৰাৰ লগতে শৈক্ষিক দিশ আনন্দদায়ক কৰা, পৰিৱেশ সম্পৰ্কে সজাগ কৰা, ভাতৃত্ববোধ বঢ়োৱা আদি উদ্দেশ্য আগত ৰাখি একোখন জিলাত প্ৰতি বছৰে সমিতিয়ে এনে শিশু সমাৰোহৰ আয়োজন কৰি আহিছে। সমাৰোহৰ তৃতীয় দিনৰ কাৰ্যসূচীত আছে ভ্ৰাম্যমান তাৰকাগৃহ প্ৰদৰ্শন, ক্ষেত্ৰ অধ্যয়ন, শোভাযাত্ৰা, মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন আদি কাৰ্যসূচী।