/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/gii87s2q/7d7b07c8-a140-4632-91ab-54dcd3658723.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বুধবাৰে মঙলদৈত অৱস্থিত গান্ধী স্মৃতি উদ্যানত বিভিন্ন কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি আৰু মঙলদৈ-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই গান্ধী স্মৃতি উদ্যানখনত থকা গান্ধী বেদীত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সভাত সাংসদ দিলীপ শইকীয়াই ভাষণ প্ৰদান কৰি কয় যে মহামানৱ মহাত্মা গান্ধীৰ সত্য, অহিংসা আৰু ন্যায়ৰ আদৰ্শৰে আমি চলিবই লাগিব । এই পথত চলিবলৈ হ'লে সমাজখনত এটা মানসিকতাৰ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ আজিও প্ৰাসংগিক আৰু ভৱিষ্যতেও থাকিব বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/fwr6reqe/917ff983-7b47-4602-8a76-a9cc28349c70.jpg)
আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে । জিলা আয়ুক্তগৰাকীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীয়ে সম্ভ্ৰান্ত ঘৰৰ লোক হোৱাৰ পিছতো দেশৰ দৰিদ্ৰ,নিষ্পেষিত, পৰাধীন জনতাৰ বাবে সকলো ত্যাগ কৰিছিল । তেওঁ মহাত্মা গান্ধীয়ে অহিংসাৰ নীতিৰে বৃটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ বিষয়ে ভাষণত উল্লেখ কৰে।
গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীত কলাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই গান্ধী জয়ন্তীৰ তাৎপৰ্য ব্যাখ্যা কৰি মহামানৱ গৰাকীৰ জীৱন, আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ নেতৃত্বৰ বিষয়ে বিস্তাৰিত ব্যাখ্যা আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/74nnu4y7/ef737c9c-23ef-41c4-ba1f-26691150a380.jpg)
আজিৰ সভাত ভজন পৰিবেশন, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আদিও অনুষ্ঠিত হয়। গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সভাত মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস শইকীয়া, লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, প্ৰমুখ্যে বিশিষ্ট নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/tmzzlqhi/727223b1-5ec2-4d4a-83ca-474546d8701f.jpg)
ইফালে পুৱাৰ ভাগত দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগনত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
Also Read: পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৬১ সংখ্যক ওপজা দিন উদযাপন